নিৰাপদ স্থিতি বিচাৰি আমি সকলো যেন আজি নিৰাপত্তাবিহীন

মই কোনো নিৰ্দিষ্ট ৰাজনৈতিক মতবাদত বিশ্বাসী নহয়, মই কোনো ৰাজনৈতিক দলৰ সদস্যও নহয়। সেইদৰে ৰাজনীতি বিদ্বেষীও নহওঁ। কিন্তু এনে কিছু মুহুৰ্তত মোৰ ঘোৰ ৰাজনীতি বিদ্বেষী হ’বৰ মন যায়। বিশ্বাস কৰিবলৈ মন নাযায়, ৰাজনীতিত কোনো নীতি বা নৈতিকতাৰ তিলমানো কিবা বাকী আছে বুলি!

ভোটৰ ৰাজনীতি, চকীৰ ৰাজনীতিৰ বাদে আজিৰ ৰাজনীতিত আৰু অন্য কিবা গঠনমুলক কাম নতুবা আলোচনা হোৱা আমাৰ জ্ঞাত নহয়। গণতন্ত্ৰৰ ভয়াবহ অৱক্ষয় যেন আৰম্ভ হৈ গৈছে। ব্যক্তি স্বাৰ্থক ছলে-বলে-কৌশলে সমজুৱাৰ স্বাৰ্থ বুলি প্ৰতিপন্ন কৰাৰ কুটনীতিত ব্যস্ত ৰাজনীতিজ্ঞ সকল। 
আমি সকলোৱেই দৌৰিছো, কোনোবাই ৰাজনীতিৰ পথাৰত, কোনোবাই জীৱিকাৰ তাড়নাত, কোনোবাই সতে-অসতে ধন ঘটাৰ প্ৰতিযোগিতাত মাথো দৌৰি আছো। এক নিৰাপদ স্থিতি বিছাৰি আমি সকলো যেন আজি নিৰাপত্তাবিহীন।
=== Fazila Antuma ===
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment