শংকৰ-আজান ফকীৰৰ পৱিত্ৰ মিলন ভূমি "অসম" য'ত কোনো সাম্প্ৰদায়িকতা নাই

আজান ফকীৰৰ প্ৰকৃত্ব নাম আছিল ছাহ মীৰান। তেওঁৰ জন্ম ১৬১০ চনৰ ওচৰে-পাঁজৰে ইৰাকৰ ৰাজধানী বাগদাদৰ এখন গাঁৱত।আজান ফকিৰ অসমলৈ অহাৰ কেইবাশ বছৰ আগতেই অসমলৈ মুছলমান লোক সকল আহিছিল।তেওঁলোকে অসমৰ বিভিন্ন ঠাইত থাকিবলৈ লৈছিল। তেওঁলোকৰ বংশ বৃদ্ধিৰ লগতে কিছু থলুৱা লোকেও ইছলাম ধৰ্ম গ্ৰহণ কৰাত অসমত মুছলমান লোকসকলৰ সংখ্যা বৃদ্ধি পাইছিল। ক্ৰমান্বয়ে তেওঁলোক অসমীয়া সমাজ আৰু সংস্কৃতিৰ অভিন্ন অংগ হৈ পৰিছিল। হজৰত আজান ফকিৰ(ৰঃ) অসমলৈ কোন দিশৰ পৰা সোমাইছিল তাৰ কোনো ঐতিহাসিক বিৱৰণ পোৱা নাযায় যদিওঁ বহুতেই কোঁচ-বিহাৰ, হাজুহৈ অহা বুলি কয়। এইটোওঁ বিশ্বাস কৰা যায়যে হজৰত আজান ফকিৰ(ৰঃ) তেওঁৰ সঙ্গীবৃন্দকলৈ বাগদ্বাদৰ পৰা খোজকাঢ়ি খাইবাৰহৈ ভাৰতত সোমায় আৰু আজমিৰৰ হজৰত খাজা মইনুদ্দিন সৃষ্টি(ৰঃ)ৰ দৰগাহ আৰু দিল্লীৰ হজৰত নিজামুদ্দিন আউলিয়া(ৰঃ)ৰ দৰগাহত আছিল। হজৰত আজান ফকিৰ(ৰঃ) চাহাবে সেই সময়ৰ আহোমৰ ৰাজধানী গড়গাৱৰ ওচৰত এটা মছজিদ সাজি তাত অসমত প্রথম আজান দিবলৈ শিকায়।


আজান-ফকীৰৰ পৰিয়ালঃ-

চূণপোৰা গাঁৱত থাকোতেই আজান-ফকীৰে তেতিয়াৰ ৰংপুৰৰ ফালে থকা চৈয়দ ওচমানি গণি খোন্দাকাৰৰ কণ্যাক বিয়া কৰায়। বৈবাহিক জীৱনৰ সাক্ষী হিচাপে তেওঁ দুটি পুত্ৰ সন্তানৰ পিতৃ হয়। লগত তেওঁৰ একমাত্ৰ ভাতৃ নবীৰে সৈতে সৰু সংসাৰ খন আউল ভাঙি ধৰ্মৰ কাম সুকলামে পালন কৰিছিল। বিয়া বাৰু কৰাই তেওঁ সংসাৰ ভালদৰে চম্ভালাৰ লগতে ধৰ্মৰ কামত বিভিন্ন ঠাই ঘুৰি ফুৰিছিল।

আজান ফকীৰৰ অসমলৈ আগমনঃ-

ইৰাকৰ ৰাজধানী বাগদাদৰ কেইগৰাকীমান মুছলমান ধৰ্ম প্ৰচাৰক নিজ ইচ্ছাই ঘৰ-বাৰী এৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ অঞ্চললৈ গৈছিল। আল্লাৰ নামত উচ্ছৰ্গা কৰিব বিচাৰিছিল নিজৰ জীৱন। সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ ছাহ মীৰানে তেওঁৰ ভাতৃ নবীৰ সৈতে খোজকাঢ়ি ইৰাক, আফগানিস্থান আদি দেশ পাৰ হৈ খাইবাৰ গিৰিপথেদি আহি ভাৰতত সোমাইছিলহি। সেই সময়ত ছাহ মীৰান এজন চফল ডেকা আছিল। কিছুদিন আজমীৰত অতিবাহিত কৰিছিল, তাৰ পাছত দিল্লীত কিছু দিন কটাইছিল। দিল্লীৰ পৰা তেওঁলোক আহি পালেহি বঙ্গদেশৰ উত্তৰ ফালে থকা গৌড়ত নামে থাইত। অৱশেষত দুই ভাতৃ আহি অসমত (তেতিয়াৰ কামৰূপ ৰাজ্যত) প্ৰবেশ কৰিছিল। ছাহ মীৰান আৰু তেওঁৰ ভাতৃয়ে সেই সময়ত লগত কোনো তিৰোতা মানুহ অনা নাছিল। সময় উকলিলত অসমৰ ছোৱালীকে বিয়া কৰাই ধৰ্মৰ বাহিৰে আন সকলো আচাৰ-নীতি গ্ৰহণ কৰি অসমীয়া ভাষা সংস্কৃতিৰ সৈতে ওতঃপ্ৰাত ভাবে মিলি গৈছিল। বৈষ্ণৱ কবি, ধৰ্ম প্ৰচাৰক সকলৰ সাহিত্যৰ লগত তেওঁলোক মিলি গৈছিল। আজান ফকীৰ আৰু ভাতৃ নবী কামৰূপলৈ আহি হাজোৰ হজৰত গিয়াছ-উদ্দিন আউলিয়াৰ দৰগাহতে থাকিবলৈ ললে। হাজোত কেইবাবছৰ থাকি ভালদৰে অসমীয়া ভাষা, ৰীতি-নীতি আয়ত্ব কৰাত লাগিল। আজান ফকীৰে ভাষাটোৰ লগতে ওজাপালি, নৃত্যগীত, দেহবিচাৰৰ গীত আৰু অন্যান্য লোকগীত আদিৰ ছন্দ, সুৰ আদিৰ লগত ভালদৰে মনোনিবেশ কৰিলে। এই সকলোবোৰৰ পৰাই অনুপ্ৰানিত হৈ পাছত তেওঁ জিকিৰ ৰচনা কৰিবলৈ লৈছিল। অসমীয়াৰ পূৰ্বতে তেওঁ ফাৰ্চী, আৰৱী আৰু উৰ্দু ভাষা ভালদৰে জানিছিল, সেইবাবে অসমীয়া ভাষা বিশেষ ভাবে আয়ত্ব কৰিলেও তেওঁ সৃষ্টি কৰা জিকিৰ সমূহ ফাৰ্চী বা উৰ্দু ভাষাত লিখিছিল। কাৰণ আজিলৈকে আজান ফকীৰৰ অসমীয়া ভাষাত লিখা কোনো আখৰ পোৱা হোৱা নাই।
হাজোত কিছু বছৰ থকাৰ পাছত দুই ভাতৃ উজনিৰ ফালে আগবাঢ়িল আৰু তেতিয়াৰ আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত উপস্থিত হৈ ওচৰৰে চূণপোৰা গাঁৱত থাকিবলৈ লৈছিল। চূণপোৰা গাঁৱত আজান ফকীৰৰ আগমন হোৱাৰ আগতে মছজিদ নাছিল, তেৱেঁই চূণপোৰা গাঁৱত মছজিদ সাজিলে। আজান ফকীৰ মছজিদৰ ওচৰতে থাকিল আৰু মানুহ গোটাই দিনে পাঁচ বাৰকৈ নামাজ পঢ়িবলৈ আৰু পাঁচবাৰকৈ আজান দিবলৈ ললে। এইদৰেই এক নতুন সংস্কৃতিৰ গঢ় লৈ উঠিল। মাথো নামাজ পঢ়াই নহয়, আজানে জিকিৰ গীত ৰচনা কৰি নিজেই সুৰ দি গাবলৈ ললে। আজানৰ সুমধুৰ কণ্ঠত জিকিৰ শুনি, আল্লাৰ মহত্বৰ কথা মুছলমান সকলে ভালদৰে উপলদ্ধি কৰিবলৈ ললে। ঠিক তেতিয়াৰে পৰাই নিতৌ পুৱা গধূলি মছজিদত আজান দিয়া ফকীৰ জনৰ নাম ছাহ মীৰানৰ পৰা আজান-ফকীৰ ৰূপে জনাজাত হৈ পৰিল। কিন্তু আজান-ফকীৰে অসমৰ ধৰ্মযাজক সকলৰ চৰিয়ত নমনাৰ বাবেই তেওঁ নিজৰ চকুহাল হেৰুৱাব লগা হৈছিল।

“ভাংগুৱা আফুৱা দইটা ফকিৰে
ভাংগে মুছলমানী চৰা হে”………………

আজান-ফকীৰে জিকিৰত একাধিক বাৰ উল্লেখ কৰিছে যে তেওঁ মাদাৰী পীৰৰহে ভক্ত। মাদাৰী এক চুফি পন্থাৰ নাম। বদৰুদ্দিন, ছাহ বদৰ বা ছাহ মাদাৰৰ নামেৰেই এই পন্থাৰ নাম মাদাৰী ৰূপে পৰিচিত হয়। পয়গম্বৰ জনাৰ পৰা লাভ কৰা আধ্যাত্মিক জ্ঞান একমাত্ৰ হজৰত আলীৰ যোগেদি তেওঁলোকে নিজ মুৰ্ছিদ বা গুৰুৰ পৰা আহৰণ কৰে আৰু সেইদৰে ৰচুলৰ প্ৰকৃত্ব চৰিয়তহে গুপ্তভাবে পালন কৰে।

চূণপোৰা গাঁৱত থাকোতেই তেওঁ ইছলাম ধৰ্ম আৰু ৰীতি-নীতি সম্পৰ্কীয় জিকিৰ গীতবোৰ ৰচনা কৰি চিনাকি অসমীয়া সুৰতে গোৱাৰ দিহা কৰিছিল। কিন্তু তেওঁৰ জিকিৰ গীতবোৰৰ কথাৰ মাজত আৰৱী, ফৰাচী আদি শব্দৰে ব্যৱহাৰ কৰিছিল যদিও সেইবোৰৰ ব্যৱহাৰে ছন্দৰ লালিত্য বা সুৰৰ মধুৰতা খৰ্ব কৰা নাছিল। যিমানেই জিকিৰ গীতবোৰৰ জনপ্ৰিয় হৈ পৰিছিল সিমানে তেওঁৰ শিষ্যৰ সংখ্যাও বৃদ্ধি পাইছিল। লাহে লাহে আজন-ফকীৰ ধৰ্মগুৰু বা পীৰ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছত চূণপোৰা গাঁৱতেই নহয় সমগ্ৰ অসমতে আজান চাহাবৰ নাম-যশ বৃদ্ধি পাবলৈ ললে।

ৰজা গদাধৰ সিংহৰ দিনত আহোম ৰজাৰ বিশেষ প্ৰতিপত্তি থকা মুছলমান বিষয়া আছিল একমাত্ৰ ৰূপাই দাধৰা। আন এজন মুছলমান আজান-ফকীৰৰ নাম-যশে চাৰিওফালে প্ৰভাব পেলোৱাত ৰূপাই ঈৰ্ষাত জ্বলি-পুৰি মৰিছিল। ৰূপায়ে মাগল ৰজাৰ গুপ্তচৰ বুলি ৰজাৰ ওচৰত আজানৰ বিৰুদ্ধে গোচৰ দিলে যদিও আজানৰ গুপ্তচৰ হোৱাৰ কোনো প্ৰমান কিন্তু ৰূপায়ে দিব নোৱাৰিলে। শেষত ৰূপায়ে পুনৰ অভিযোগ আনিলে যে জিকিৰ গীত গাই বিশেষ উপাসনাত লাগি আজানে ইছলাম ধৰ্মৰ বিকৃতি ঘটোৱা বুলি। ৰজাই কথাষাৰ বিশ্বাস নকৰিলেও হয়তো ৰাজবিষয়া ৰূপাইক সন্তুোষ্ট কৰিবৰ বাবেই আজানৰ বিৰুদ্ধে ৰায় দিলে। শেষত নিষ্ঠুৰ অপকৰ্ম কৰিলে ৰূপাই দাধৰাই। বৃদ্ধ আজান আৰু ভাতৃ নবীক ধৰি আনি বন্দী কৰি ৰাখিলে আৰু আজানৰ চকু কাঢ়িবলৈ নিৰ্দ্দেশ দিলে। হাঁহি হাঁহি নিজৰ চকু কাঢ়িবলৈ পাতি দিলে আজানে।আজানৰ চকু কাঢ়ি নিয়াৰ পাছতেই অসম ৰাজ্যই নানা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ নামি আহিছিল। শেষত ৰজাই নিজৰ ভূলৰ বাবে হোৱা অপকৰ্মৰ কথা জানিব পাৰি দৰদী হৈ পৰিল আৰু আজানক ধৰ্ম প্ৰচাৰ কৰিবলৈ নিজে মঠ সজাই দি ফকীৰৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰালে। শংকৰদেৱে বৰপেটাৰ ওচৰৰ পাটবাউসীত কৃর্ত্তন ঘৰ সাজি সকলো জনগোষ্ঠীৰ মানুহক তেওঁৰ শিষ্যত্ব প্রদান কৰিছিল। ব্রহ্মাণৰ পৰা-চক্রপানী দ্বাৱিজা আৰু সর্বভৌমা ভট্টচায্য, কায়ষ্ঠৰ পৰা কিটাই খান, গাৰুৰ পৰা গোবিন্দা, ভূটিয়াৰ পৰা জয়াৰামা, কোঁচৰ পৰা মূৰাৰী আৰু মুছলমানৰ পৰা চান্দখান(চান্দচাই)। —শংকৰদেৱে বিভিন্ন জনগোষ্ঠীৰ মানুহক তেওঁৰ শিষ্যত্ব কিয় প্রদান কৰিছিল(?)। বেলেগৰ কথা বাদ দিলেওঁ চান্দচাইৰ অর্ন্তভুক্তিয়ে ভবাই তুলে। শংকৰদেৱেৰ বুৰঞ্জী নজনা জনৰ বাবে নিশ্চয় ই চিন্তাৰ উদ্রেগ হোৱাটৌ স্বভাবিক। —অসমৰ বিভিন্ন জনগোষ্ঠীৰে ভৰা ৰাজ্য হয়টো পৃথিবীত ক’তো নাই। আজিৰ তাৰিখতো ৰাজনৈতিক ভাবে বিভিন্ন জনে সম্প্রদায়িক বান্ধোন ভাঙিব খোজিলেওঁ এটা কথাতে চব ঠাণ্ডাহৈ যায়। মাত্র ক’ব লাগে-“এইয়া শংকৰ আজানৰ দেশ”। –শংকৰ-আজান বহু দূৰদর্শি আছিল। ধর্ম প্রচাৰৰ সময়ত শংকৰদেৱে পোৱা সমাজ খনৰ বিষয়ে প্রয়াত মহেন্দ্র মোহন চৌধৰি দেৱে এনেকৈ কৈছিলঃ- “——In political and economic spheres, the position of that part of the country at that period was at very low ebb. Prior to, and even during the period of Sankaradeva, there was rise and fall of about half a dozen dynasties such as the Khens, Kochs, Kacharis, Chutiyas and the like. The predecessors of Sankaradeva founded small kingdoms known as Bhuyan Rajyas. After the fall of the old Hindu kingdom, there were many principalities with their potentates where frequent rifts occurred within themselves. The Ahoms came in the thirteenth century A. D. and established their kingdom in the easternmost part of the place——- It was Sankaradeva who, through the propagation of his new found faith brought them together and gave a new life and culture to the people. In his translation of the Bhagavata-purana-BK.II, Sankaradeva has enumerated a list of tribes who inhabited in different parts of Assam in that period. They include: Kirata, Kachari, Khasi, Garo, Miri, Yavana, Kanka, Gowala, Asama [Ahom], [Muluka], Rajaka, Turuka, Kumara, Mlechha, etc. Thus the Vaishnava order in its primal glory saw the Garo, the Bhota and the Yavana saying prayers to Hari, and the Miri, Ahom and Kachari securing salvation through Rama-Nama, as Madhavadeva, the apostolic successor and chief disciple of Sankaradeva tells us in his Nama-ghosa. From the earliest times, the place was a centre of Saiva and Sakti worship. Even the forefathers of Sankaradeva and other Bara Bhuyans are said to be Sakti worshippers. Debased form of Buddhism (crypto-Buddhism) also infected the society and stray traces of it is yet found in some remote corners of Assam, particularly among some people in the form of Gopidhara, Bar Seva, Rati Khowa, etc. Other people also have their own creeds and faiths which might have been numerous and varies from tribe to tribe——“[ Mahendra Mohan Choudhury[Veteran freedom fighter and writer, a former Chief Minister of Assam and Governor of Punjab,] ১৫শতিকাৰ পৰা ১৬ শতিকাৰ ভিতৰত অসমত মহাপুৰুষ শংকৰদেৱ নাট্যকাৰ আৰু সামাজিক ধর্মিয় সংস্কাৰৰ বাবে বিখ্যাতহৈ পৰে। সেই সময়ত কোঁচ আৰু আহোম ৰাজ্যক সাহিত্য আৰু ধর্মিয় সংস্কাৰেৰে তেওঁ সামাজিক বন্ধনেৰে বান্ধি ধর্মিয়, সামাজিক দিশ কটকটিয়া কৰিছিল। এই বান্ধোন ইমানেই মজবুত আছিলযে বিভিন্ন জন গোষ্ঠি, জাতি, ধর্মৰ লোকসকল শংকৰদেৱৰ ধর্মিয় সংস্কাৰত বিলীনহৈ গৈছিল। সেই সময়ত মুছলমান সকল নামতহে মুছলমান আছিল। ইতিহাস মতে ১২০৬ খীষ্টাব্দত অসমত প্রথম ইছলামধর্মী লোকৰ পদার্পণ ঘটে।উত্তৰ গুৱাহাটীত পোৱা কানাই বৰশী বোৱা শিলালিপিৰ তথ্য অনুসৰি বংগৰ সেনাপতি ইবন বখতিয়াৰ খিলিজিয়ে তিব্বত, তুর্কীস্থান আৰু চীনদেশ জয় কৰিবলৈ যাওঁতে কামৰূপৰ মাজেদি প্রৱেশ কৰিব লগা হোৱাত সেই সময়ৰ কামৰূপৰ ৰজা পৃথুৰ লগত হোৱা সংঘর্ষত পৰাস্ত হয় আৰু বহুলোকক বন্দী কৰি ৰখা হয়।বখতিয়াৰৰ লগত অহা এই সকল লোক আৰু পিছত আহোম আৰু ভাৰতীয় মোগল সাম্রাজ্যবাদী ঔৰংগজেৱৰ মাজত হোৱা সোতৰখনকৈ যুদ্ধত যুদ্ধবন্দী হিচাপে বহুতো ইছলামধর্মী লোক অসমত স্থায়ীভাৱে থাকি যায়। আজান ফকীৰ(ৰঃ) আৰু ভাতৃ নবী চূণপুৰালৈ অহাৰ আগতে কামৰূপৰ হাজোৰ হজৰত গিয়াছ-উদ্দিন আউলিয়াৰ দৰগাহতে আছিল। হাজোত কেইবাবছৰ থাকি ভালদৰে অসমীয়া ভাষা, ৰীতি-নীতি আয়ত্ব কৰি লৈছিল। আজান ফকীৰে(ৰঃ) জানিছিলযে মহাপুৰুষ শংকৰদেৱে ধর্মিয় সংস্কাৰেৰে বান্ধিথৈ যোৱা মুছলমানখিনিক ফালি আনি ইছলাম ধর্মৰ শিক্ষা দিয়াটো অসম্ভব হব। সেয়েহে তেওঁ অসমীয়া ভাষাটোৰ লগতে শংকৰদেৱৰ গীত মাত ওজাপালি, নৃত্যগীত, দেহবিচাৰৰ গীত আৰু অন্যান্য লোকগীত আদিৰ ছন্দ, সুৰ আদিৰ লগত ভালদৰে মনোনিবেশ কৰিছিল

আজান-ফকীৰৰ জিকিৰঃ-

ছাহ মীৰান বা আজান ফকীৰে অসমীয়া জিকিৰ অৰ্থাত্ ইছলনাম ধৰ্মীয় স্তুতি গীত ৰচনা কৰিছিল। জিকিৰ শব্দটো আৰবী জিকিঅৰ শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হল আল্লাৰ নাম স্মৰণ কৰা। এইয়া ইছলাম ধৰ্মৰ অতি পৱিত্ৰ কাৰ্য্য বুলি গণ্য কৰা হয়। আজান চাহাবৰ আগমনৰ সময়ত অসমৰ মুছলমান সকলে নামাজ, ৰোজা, জাকাত আদিসহ ইছলাম দৰ্মৰ ৰীতি-নীতি, অনুষ্ঠান সঠিক ভাবে পালন কৰা নাছিল। আজান-ফকীৰে মুছলমান সকলক ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈকে জিকিৰ লিখিছিল আৰু জিকিৰ মাধ্যমেৰেই মুছলমান সকলৰ মাজত আল্লাৰ বিষয়ে জ্ঞান দিছিল। জিকিৰৰ ভাষা, ছন্দ, উপমা, সুৰ আদি অসমীয়া যদিও ইছলাম ধৰ্ম সম্বন্ধীয় কিছুমান পাৰ্চী আৰু আৰবী শব্দ গীত সমূহত সোমুৱাই দিছিল। অসমীয়া দেহ বিচাৰৰ গীতৰ লগত সাদৃশ্য থকা এই জিকিৰ সমূহত আল্লাৰ নাম-কলিমা, দেহৰ ভংগুৰাত আদি বিষয় বোৰ সন্নিবিষ্ট কৰিছিল।

জিকিৰ সমূহীয়াকৈ গোৱা হয় আৰু লোকগীতৰ দৰেই ইয়াৰ প্ৰকাশ ভংগী সহজ-সৰল। এই গীত পৰিবেশনৰ ক্ষেত্ৰত থলুৱা লোকবাদ্য দোতাৰা, বাঁহী, টোকাৰি, বীণ আদিৰ ব্যৱহাৰ কৰা সততে দেখা যায়। বহি বহি গোৱাৰ লগতে জিকিৰ নাচি নাচি হাত চাপৰি বজাই, তাল ৰাখি বৃত্তাকাৰে ঘুৰি গোৱাৰ ৰীতিও প্ৰচলিত আছে। আজান ফকীৰেই সৰহভাগ জিকিৰ ৰচনা কৰিছিল যদিও মুনীয়া দেৱান, বান্দৰ ফকীৰ, জৈয়দ মূৰতজা, গোলাম হুছেইন, হৰিদাস কুমাৰ, বেথাই গুৱাল আদিয়েও জিকিৰ ৰচনা কৰিছিল।

জাৰীঃ-

হাছান-হুছেনৰ কাৰবালাত ঘটা কৰুণ কাহিনীক কেন্দ্ৰ কৰি ৰচনা কৰা শোকগাথাবোৰকে জাৰী গীত বুলি কোৱা হয়। ইছলাম ধৰ্মী লোকসকলৰ অতি প্ৰিয় এই গীতসমূহত হজৰত আলী ফাতেমা বিবি আদিৰ কথাও সন্নিবিষ্ট কৰা আছে। অসমত প্ৰচলিত জাৰী গীতবোৰ জিকিৰতকৈ প্ৰাচীন। এইবোৰক মৰ্চিয়া গীত বুলিও কোৱা হয়। জাৰী গীতবোৰৰ বিষয় বস্তু ধাৰ্মিক নহয় যদিও কাৰবালা ছহিদক লৈ লিখা গীতবোৰ কৰুণ হোৱা বাবেই মানুহৰ অন্তৰত সহজে চুই যাব পাৰে। অসমীয়া জাৰী গীতবোৰ বহু পৰিবেশ আৰু ঘটনাৰ ৰহণ সানি পৰিবেশন কৰা হৈছে। তাৰোপৰি তামোল-পাণৰ ব্যৱহাৰো এই গীত বোৰত আছে। নাচি নাচি হাত আৰু বুকু চপৰিয়ায়ো এই গীত গোৱা হয়। অসমীয়া দেহ বিচাৰৰ গীত আৰু লোক গীতৰ সৈতে সাদৃশ্য থকা এই গীত গালে সকলোৰে মন পৰসি যায়, সেয়ে জাৰী মুছলমান সকলৰ মাজত অতি প্ৰিয় গীত ৰূপ পৰিগনিত।

আজান-ফকিৰৰ মৃত্যুঃ-

আজান ফকীৰৰ চকু ৰূপাই দাধৰাই কাঢ়ি নিয়াৰ পাছতো কিছু বছৰ তেওঁ অন্ধ হৈয়ে জীয়াই আছিল।আজান ফকীৰৰ প্ৰায় ১২০বছৰ বয়সত মৃত্যু হয় বুলি অনুমান কৰা হয়। তেওঁৰ মৃত্যুৰ সময়ত পত্নী আৰু দুজন পুত্ৰৰ লগত ভাতৃ নবীক ইহ-সংসাৰত এৰি থৈ যায়। শৰাগুৰি চাপৰিৰ মছজিদৰ কাষতে আজান ফকীৰক কবৰ দিয়া হয়।

আজান ফকীৰ(ৰঃ) চাহাবৰ উদ্দেশ্য আছিল সেই সময়ত কিছুমান ধৰ্মবিৰোধী ৰীতি-নীতিত লিপ্ত থকা মুছলমান সকলৰ মাজত ইছলাম ধৰ্মৰ প্ৰাথমিক ধাৰণাসমূহ আৰু মৌলিক কৰ্তব্যসমূহ যেনে-ঈমান [এক আল্লাহ আৰু হজৰত মহম্মদ(দঃ)প্রেৰিত ৰছুল], নামাজ, ৰোজা, হজ, জাকাত প্ৰচাৰ কৰা। হাজোত কেইবাবছৰ থাকোতেই আজান ফকীৰে(ৰঃ) অসমীয়া সমাজখন বিশ্লেষণ কৰি দেখিলেযে অসমীয়া বৈষ্ণৱ কাব্যৰ শংকৰদেৱেৰ নৱবৈষ্ণৱ ধৰ্মৰ তত্ত্বৰ লগত ইছলামৰ মূল ধাৰণা সমূহৰ কিছু কিছু মিল আছে। গতিকে তেওঁ(ৰঃ) শংকৰদেৱেৰ নৱবৈষ্ণৱ ধৰ্মৰ তত্ত্ব সমূহ আয়ত্ত কৰি জিকিৰৰ মাধ্যমেৰে ইছলামৰ নিষ্কাম ভক্তি আৰু সেই ধৰ্মৰ বিশেষত্বক গুৰুত্ব আৰোপ কথা চিন্তা কৰিলে । নিৰাকাৰ ঈশ্বৰৰ ধ্যান-ধাৰণা বৈষ্ণৱ কাব্যৰ মূল দৰ্শনৰ দৰে ইছলামৰ মূল দর্শণৰ সংমিশ্রণ ঘটাই লগতে সম্প্রিতিৰ এনাজৰিদালো যাতে ভবিষ্যতলৈওঁ কটকটিয়াহৈ থাকে তাৰ বাবে আজান ফকীৰে(ৰঃ) থলুৱা গীত-মাত,অসমীয়া দেহ বিচাৰ গীত, বৰগীত, লোকগীত সুৰেৰে আৰু ইছলাম দর্শনেৰে জিকিৰ সমূহ ৰচনা কৰাৰ কাম আৰম্ভ কৰিলে। আজান ফকীৰে(ৰঃ) কিন্তু বেছিভাগ জিকিৰ চূণপোৰা গাৱলৈগৈহে ৰচনা কৰিছিল।। হিন্দু আৰু মুছলমানৰ সাম্প্ৰদায়িক সমন্বয় ক্ষেত্ৰত অসমৰ সমকক্ষ ভাৰতৰ আন কোনো ৰাজ্যই নহয়। প্ৰাচীন সময়ত নিৰ্মিত সত্র, কীৰ্তন ঘৰ, নাম ঘৰ আদিত ইছলামীয় স্থাপত্যশৈলী চকুত পৰে। কীৰ্তন ঘৰ বোৰত গায়ন বায়ন সকলৰ মাজত মুছলমান লোকো আছিল। আজান পীৰৰ জিকিৰ আৰু জাৰিত অসমীয়া নাম কীৰ্তনৰ সুৰ ষ্পষ্টকৈ চকুত পৰে। “হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান” বুলি গোৱা জিকিৰ সমুহ অসমৰ সাম্প্ৰদায়িক সমন্বয়ৰ অতুলনীয় নিদৰ্শন। আজান ফকীৰে(ৰঃ) অসমৰ সাম্প্ৰদায়িক সমন্বয়ৰ পৰিৱেশত আভিভুত হৈ তেওঁ ইছলাম ধৰ্ম প্ৰচাৰতে ক্ষান্ত নাথাকি সাম্প্ৰদায়িক সমন্বয়ৰ চিহ্ন স্বৰূপ জিকিৰ সমুহ লিখি উলিয়াইছিল। এই জিকিৰ সমুহৰ কিছুমান আছিল হিন্দু ধৰ্মৰ নাম কীৰ্তনৰ সুৰত ৰচিত ধৰ্ম মুলক গীত, যিবোৰে ব্যাপক সমাদৰ লাভ কৰিছিল। মূলতঃ আজান ফকীৰে(ৰঃ) দুটা কাম কৰিছিল এটা থলুৱা গীত-মাতেৰে জিকিৰ গীতেৰে ইছলামৰ মূল উপাদান সমূহ প্রচাৰ কৰিছিল আৰু দ্বিতীয়তে শংকৰ-মাধবদেৱে গঢ়ি যোৱা সাম্প্ৰদায়িক সমন্বয়ৰ বান্ধোন আৰু বেছি কটকটিয়া কৰিছিল যাতে ই কোনো দিন চিঙি নেযায়। ইয়াৰ প্রমাণ আমি আজিওঁ দেখিবলৈ পাওঁ। ইয়াৰ প্রমাণ আমি অহাবাৰলৈ দিম।
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

4 comments:

  1. ভাল লাগিল পঢ়ি শেষত প্ৰমানতো দিয়ক তেতিয়াহে আৰু জানিব পাৰিম।

    ReplyDelete
  2. পঢ়ি ভাল লাগিল ।

    ReplyDelete
  3. পঢ়ি ভাল লাগিল লাবিউ অসম

    ReplyDelete