থোৰতে আমাক জিহাদী সজোৱাৰ আঁৰৰ কাহিনী

আব্দুৰ ৰহমান চালাফি : আজি প্ৰায় ৫ বছৰ আগৰ কথা। মই কমাৰকুছি মছজিদ কমিটীৰ সদস্য আছিলো। বিভিন্ন ধৰণৰ অসামাজিক কাম আৰু দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ কাৰণে কমিটীৰ আন সদস্যসমূহে মোক এৰাই চলে। মই নথকা অৱস্থাত হঠাতে কাৰ্যকৰী সভা আহ্বান কৰি সিদ্ধান্ত গ্ৰহণ কৰে। কমিটীত সোমাই গম পালো নামতহে মছজিদ কমিটী। উদ্দ্যেশ্য হ'ল বিভিন্ন ধৰণৰ উন্নয়নমূলক কামত অহা টকা-পইচা আত্মসাৎ কৰা। বৰভাগ উন্নয়ন খণ্ডৰ যিকোনো আঁচনিৰ ধন ওপৰ মহলক সন্তুষ্ট কৰি আমাৰ এই ক্ষুদ্ৰ চুবুৰীটোলৈ আহে আৰু কাম নকৰাকৈয়ে সেইবোৰ আত্মসাৎ কৰে। মই ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰাত মোক কোনো ধৰণে মেনেজ কৰিব নোৱাৰি কিছুমান মিছা অপবাদ দিয়ে। 

মোৰ এই ক্ষুদ্ৰ লিখনিত সকলোবোৰ উল্লেখ কৰা সম্ভৱ নহয়। তথাপিও দুৰ্নীতিৰ এটা কাহিনী উল্লেখ কৰিব বিচাঁৰিছো। মই সদস্য হৈ থাকোতে PWD ৰাষ্টাৰ পৰা আমাৰ চুবুৰীৰ মাজেৰে কমাৰকুছি আৰক্ষী চকীলৈ যোৱা পথটোৰ নামত দহ লাখ টকা আহে। মোক কোনো গম নিদিয়াকৈ তেওঁলোকে নিজৰ মানুহখিনিক লৈ সাধাৰণ সভা পাতি প্ৰস্তাৱ গ্ৰহণ কৰি ৰাষ্টাৰ কাম আৰম্ভ কৰে। আগৰেপৰা ওখ হৈ থকাখিনিতে বাৰে বাৰে অলপ মাটি চটিয়াই টকাবোৰ আত্মসাৎ কৰে। আৰক্ষী চকীলৈ প্ৰায় দুশ মিটাৰ পথত আজিলৈ এচপৰাও মাটি নপৰিল। সোঁহাত বাওঁহাতৰ চহী¸ মছজিদ কমিটীৰ সভাপতিৰ ল'ৰাজনৰ দুটা নামত দুটা চহী আৰু বিভিন্নজনৰ মাত্ৰ ৩২ টা মান জাল চহী লৈ ৰাষ্টাৰ কাম সম্পূৰ্ণ হোৱা বুলি স্থানীয় বিধায়কৰ পৰা অনুমোদন কৰাই ১৮,০০০ টকাৰ শিল-বালি পেলাই প্ৰায় ১,৩২০০০ টকা আত্মসাৎ কৰে। অথচ এই চুবুৰীটোত ১৮০ ঘৰ মানুহে বাস কৰে। এইটো এটা সামান্য উদাহৰণ। কোনোদিনে মুৰব্বীসকলক সাধাৰণ সভালৈ আমন্ত্ৰণ নকৰে। সৰু সৰু ল'ৰাবোৰক লৈ হঠাতে সাধাৰণ সভা পাতি বছৰেকীয়া কমিটী গঠন কৰি লয়। কমিটীৰ সদস্যসকলৰ কিন্তু নামাজৰ খবৰ নাই। 

কোনোফালে নোৱাৰি এটা সাধাৰণ কথাৰ কাৰণে সৰু সৰু ল'ৰাবোৰক লৈ হঠাতে সাধাৰণ সভা পাতি মোক এঘৰীয়া কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। যিটো সিদ্ধান্ত কাৰ্যকৰী কমিটীয়ে অনায়াসে কৰিব পাৰিলেহেতেঁন। তাৰ পিছতো মোৰ ঘৰলৈ গাৱঁৰ মানুহৰ যাতায়ত আগৰ দৰেই চলি থাকিল। ইয়াৰ পিছতেই সুদীৰ্ঘকাল ৰাজত্ব কৰি থকা সভাপতি আৰু সম্পাদকে ঈদৰ সময়ত অপদস্থ হৈ নিজে নিজে পদত্যাগ কৰিবলৈ বাধ্য হয়। তাৰপিছত মোৰ ভাইটী সম্পাদক হৈ দুবছৰত ভালেখিনি উন্নয়নৰ কাম কৰিলে।

এতিয়া পৰৱৰ্তী কাহিনীলৈ আহো। যোৱা ৰমজান মাহৰ আগত মঙ্গলদৈৰ এখন মাদ্ৰাছাত আমাৰ Whats app ৰ কেইটামান গ্ৰুপৰ সদস্যসকল মিলিত হওঁ। তাত বহুতো বিজ্ঞ আলিমক লগ পাওঁ। আমাৰ প্ৰচলিত মাদ্ৰাছাসমূহত যে ভুল শিক্ষা দি থকা হৈছে তাত গৈ আমি জানিব পাৰিলো। ছহীহ হাদীছ আৰু শ্বিৰ্ক বিদাতৰ বিষয়ে নিজে বহুতো অধ্যয়ন কৰিলোঁ। ৰমজানৰ পিছত মোৰ ঘৰলৈ কেইজনমান আলিমক ঈদৰ নিমন্ত্ৰণ জনাই আহিলো। তেওঁলোক আহিল। কুৰআন হাদীছৰ দলীলসহ সকলো বুজাই দিলে। ইতিমধ্যে আমি কেইজনমানে ছহীহ তৰীকাত নামাজ পঢ়িব ধৰিলো। তাকে দেখি তথাকথিত আলিমসকলে আমাক খ্ৰীষ্টানৰ দালাল আদি মিছা অভিযোগ দিলে আৰু বিভিন্ন ধৰণৰ ভাবুকি আৰু মানসিক হেচাঁ দিবলৈ ধৰিলে। তেওঁলোকে চালু কৰা বিদাতবোৰ উঠাবলৈ চেষ্টা কৰিলেই কয় আমি বোলে চুন্নতবোৰ উঠাব বিচাঁৰিছো আৰু চুন্নত প্ৰতিষ্ঠা কৰিব গলে কয় এওঁলোকে নতুন নতুন নিয়ম প্ৰৱৰ্তন কৰিব আহিছে।

যোৱা ২৬ জানুৱাৰীৰ ঘটনা আপোনালোকে গমেই পাইছে। এজন তাবিজ ব্যৱসায়ী আৰু এজন মুকালমুৱাৰ ওচৰৰ ধুৰন্ধৰ মৌলানাৰ চক্ৰান্তত মোক আগৰেপৰাই জেহাদী সজোৱাৰ ভাবুকি দি আহিছিল। সেই তথাকথিত মৌলানা আৰু কুৰআনৰ ভুল তফচীৰকাৰীজনে ইতিমধ্যে স্থানীয় এখন কৱৰস্থানৰ এক লাখ টকা আত্মসাৎ কৰি কেইবছৰমান গাঁৱৰ পৰা এঘৰীয়া হৈছিল। 

নলবাৰী জিলাৰ চতমা গাঁৱত এখন স্কুল প্ৰতিষ্ঠা কৰা সংক্ৰান্তত জামাত ই ইছলামী হিন্দৰ কেইজনমান কৰ্মী আহিছিল। ৰাতিপুৱা এঘাৰমান বজাত হঠাতে পূৰ্বৰেপৰা চিনাকী মোৰ বন্ধু এজনে মোলৈ ফোন কৰি ক'লে যে¸ তেওঁলোকে মোৰ ঘৰত সোমাই চিনাকী হব আৰু চাহ একাপ খাই যাব। লগতে মোকো চতমাত যাবৰ কাৰণে অনুৰোধ কৰিলে। চাহ খাই থকা অৱস্থাতে দুজনমানে মোলৈ ফোন কৰিলে যে¸ মছজিদৰ সন্মুখত আমাক মাৰিবলৈ যাঠি জোং লৈ আছে। তেওঁলোকক একো নকৈ ময়ো একেখন গাড়ীতে উঠিলো। মছজিদৰ সন্মুখত আমাৰ গাড়ী দুখন ৰাখি অসভ্য আচৰণ আৰু গালি-গালাজ কৰিব ধৰিলে। আকস্মিক এই ঘটনাত তেওঁলোক হতভম্ব। এই অভদ্ৰামী কৰা লোক তিনিজনৰ এজন হ'ল আমাৰ মছজিদ কমিটীৰ সভাপতি লগতে হাফিজ লগতে এটা জামাতৰ ইমাম। আন এজনে মৌলানা পঢ়ি আছে তেওঁৰ বাপেক হাফিজ আৰু এখন এম ই মাদ্ৰাছাৰ শিক্ষক। এয়াই হ'ল আমাৰ প্ৰচলিত মাদ্ৰাছাত পঢ়ি অহা আলিমৰ শিষ্টাচাৰ। তেওঁলোকৰ দ্বাৰা এখন সুস্থ সমাজ আশা কৰিব পাৰিনে?


যিখন গাঁৱত চাৰিজন আই এ এচ অফিচাৰৰ জন্ম। ভাৰতীয় ষ্টেট বেংকৰ চেন্ট্ৰেল বোৰ্ডৰ সঞ্চালক (অৱসাৰ প্ৰাপ্ত)ৰ লগতে বহুতো উচ্চ পদস্থ বিষয়াৰ জন্ম। যিটো চুবুৰীত তথা মোৰ পৰিয়ালৰ পৰা ১৯৪২ চনতে ষ্টাৰ লৈ মেট্ৰিক পাছ কৰা বৰভাগৰ প্ৰথমজন মুছলিম গ্ৰেজুৱেটৰ জন্ম। সেই গাঁৱৰ মুছলিম সমাজখনৰ এনে অধঃপতন দেখি সচাঁকৈয়ে দুখ লাগিছে। স্থানীয় হিন্দু মানুহখিনিয়েও অপমানিত হৈছে যেতিয়া টেলিভিচনত কমাৰকুছিৰ ৰাইজে আলহীক সন্মান কৰিব নাজানে বুলি মন্তব্য কৰিছিল। কমাৰকুছি¸ বৰভাগ¸ নলবাৰীৰ লগতে সমগ্ৰ মুছলিম জাতিক অপমানিত কৰোৱা কাৰ্যত জড়িত ব্যক্তিসকলক আল্লাহে হিদায়াৎ কৰক। আমিন।
==== Abdur Rahman Salafi ====
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment