ইছমাইল হোছেইন (জ্যেষ্ঠ)ৰ স্মৰণত

ইছমাইল হোছেইন (জ্যেষ্ঠ)ৰ জন্ম হৈছিল ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ বছৰতোতে বৰপেটাৰ মন্দিয়াৰ বৰপাল্লী নামৰ অখ্যাত ভিতৰুৱা গাঁৱ এখনত । বামপন্হী আদৰ্শত বিশ্বাসী হোছেইন নতুন সাহিত্য পৰিষদৰ লগত জড়িত আছিল । কিন্তু পিছলৈ left party ৰ প্ৰতি বিতুষ্ট হোৱা হোছেইনে নতুন সাহিত্য পৰিষদো সংঘাত মৰ্মে ত্যাগ কৰে আৰু অসম সাহিত্য সভাৰ সদস্যভুক্ত হয় ।

 "চৰ চাপৰিৰ জীৱন চৰ্যা" তেখেতৰ সম্পাদিত পুথি । নীলাচল, নাগৰিক , সূত্ৰধাৰ , জনক্ৰান্তি আদি কাকত - আলোচনীত তেওঁৰ লেখা প্ৰকাশ পাইছিল । ২০১২ চনত তেওঁ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ প্ৰাৰ্থী আছিল । সেই বছৰটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি হয় । লবীকেন্দ্ৰিক সাহিত্য সভাৰ মজিয়াত পশ্চিম অসমৰ চৰ-চাপৰি অণ্ঞ্চলত বিশেষভাৱে প্ৰিয় আৰু সন্মানীয় এই ব্যক্তি গৰাকীক চৰ-চাপৰিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ নেতৃস্হানীয় পদবীত পাব নোৱৰাতো এক অপূৰণীয় ক্ষতি । শতবৰ্ষ গৰকিবলৈ ওলোৱা সাহিত্য সভাই আজিকোপতি নামনিৰ চৰ-চাপৰিৰ কোনো ব্যক্তিক এনে নেতৃস্হানীয় পদবীত অধিস্হিত কৰিবলৈ উদ্যোগ নলৈ জাতি আৰু ভাষা দুয়োটাৰ প্ৰতিয়েই ঘোৰ অন্যায় কৰিছে ।

চৰ -চাপৰিৰ পিতৃপুৰুষ আতাউৰ ৰহমান তেনে এগৰাকী সুযোগ্য ব্যক্তি আছিল । ৰহমান ১৯৭১-৭২ ত মহেন্দ্ৰ মোহন চৌধুৰীৰ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীও আছিল । "ভাৰত ভ্ৰমিলো" , তাগিদাত লিখিলো , মোৰ দৃষ্টিত অসম আন্দোলন আৰু ৰহিম ৰূপভানৰ সাধু আদি কেবাখনো গ্ৰন্থ তেওঁ লিখিছিল । তেনে এজন চৰ -চাপৰিৰ সুযোগ্য সন্তান আছিল সৰ্বমুঠ ৪৩ খনকৈ গ্ৰন্থ ৰচনা কৰা এম. ইলিম উদ্দিন দেৱান । দেৱানৰ আটাইতকৈ কৃতিত্বপূৰ্ণ কামটো আছিল ১৯৬৫ চনত চনত "আজান" নামেৰে পত্ৰিকা প্ৰকাশ কৰি সুদীৰ্ঘ ২৫ বছৰ কাল সম্পাদনা কৰি চৰ-চাপৰিত আজান যুগৰ সৃষ্টি কৰাটো ।

মূলসুতিৰ প্ৰখ্যাত সাহিত্যিকবোৰে এই কথাবোৰৰ ভূ-ভাকে নাপায় আৰু স্বীকৃতিও নিদিয়ে । তেনে কেইজনমান চৰ-চাপৰিৰ উল্লেখযোগ্য সাহিত্যিক হৈছে --- ম'হচৰাৰ পল্লীকবি খ্যাত মহম্মদ নবীৰ হুছেইন , ৰাছিয়াৰ পুস্কিন বঁটা লাভ কৰোঁতা আব্দুৰ ৰহিম মোস্তা ফী , অসমৰ মুচলমান : সত্য আৰু সংঘাতৰ দৰে গবেষণাধৰ্মী গ্ৰন্থৰ লেখক ডাঃ ৰেজা উল কৰিম , কবি খবিৰ আহমেদ , চৰ-চাপৰিৰ জনগোষ্ঠীৰ সাহিত্য জগতৰ মাতৃ স্বৰূপা চাকিনা খাতুন , চাবেৰা বেগম, ৰামিছা বেগম আদি । তেজস্বী লেখক ইছমাইল হোছেইন কনিষ্ঠজনতো অসমৰ পাঠক সমাজৰ মাজত বিপুলভাৱে পৰিচিত আৰু জনপ্ৰিয় । আজি প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিক এই বৰ্ষৰ ইছমাইল হোছেইন (জ্যেষ্ঠ) বঁটা চৰ- চাপৰি সাহিত্য পৰিষদে প্ৰদান কৰিছে ।
=== Dhrubark Choudhury ===
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment