অসমৰ সংখ্যালঘু ভোটাৰ : প্ৰকৃত সমস্যা আৰু প্ৰতাৰণা

আশ্বিক-উজ-জামান(আই এ এচ ): অসমৰ সাম্প্ৰতিক ভোটকেন্দ্ৰিক ৰাজনৈতিক সমীকৰণত অপ্ৰিয় হলেও এই বাৰৰ নিৰ্বাচনত ’মুছলমান ভোটাৰ’ ৰ গুৰুত্ব প্ৰয়োজনতকৈ অধিক বৃদ্ধি হোৱা যেন পৰিলক্ষিত হৈছে| অসমৰ এক তৃতীয়াংশ ভোটাৰ অৰ্থাত প্ৰতি তিনিজন ভোটাৰৰ এজন ইছলামধৰ্মী | উত্তৰ প্ৰদেশৰ ২১ শতাংশ আৰু বিহাৰৰ ১৫ শতাংশ দলিত ভোটাৰে যদি চৰকাৰ গঠনত মূখ্য ভূমিকা গ্ৰহন কৰিব পাৰে তেন্তে অসমৰ ৩৪% শতাংশ মুছলমান ভোটাৰেও নিসন্দেহে আগন্তুক নিৰ্বাচনত এক উল্লেখযোগ্য ভূমিকা গ্ৰহন কৰিব পাৰিব বুলি ৰাজনৈতিক বিশ্লেষক সকলে ইতিমধ্যে মতামত ব্যক্ত কৰিছে|বৰিষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে এক সমীক্ষাত প্ৰকাশ কৰিছিল যে অসমৰ ৫৯ টা বিধান সভা সমষ্টিত মুছলমান ভোটাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহন কৰিব| কিন্তু উত্তৰ-প্ৰদেশ বা বিহাৰৰ দলিত ভোটাৰ ৰাইজক নিজৰ ফালে আকৰ্ষিত কৰাৰ বাবে ৰাজনৈতিক দল সমূহে বিভিন্ন অৰ্থনৈতিক প্যাকেজ, উন্নয়ণৰ আচঁনি, শিক্ষা-চাকৰিৰ সুবিধা আদি্ৰ বিভিন্ন প্ৰতিশ্ৰুতি আৰু তাৰ ৰোড-ম্যাপ নিজৰ নিজৰ ইস্তাহাৰত উল্লেখ কৰা দেখা যায়, কিন্তু অসমৰ মুছলমান ভোটাৰক আকৰ্ষিত কৰিবলৈ কেৱল মাত্ৰ কাঁথা-কম্বল, বাংলাদেশী ভূত আৰু জৰাফুঁকা কে সম্বল কৰি ৰাজনৈতিক দল সমূহে নিজৰ নিজৰ ৰণনীতি তৈয়াৰ কৰা পৰিলক্ষিত হৈছে| ইয়াৰ ফলত অসমৰ অশিক্ষিত, দুখীয়া মুছলমান গঞাই বিভিন্ন ৰাজনৈতিক দলক ভোট প্ৰদান কৰি জয়যুক্ত কৰিব ঠিকেই, কিন্তু এই জনগোষ্ঠিটোৰ আৰ্থ-সামজিক অনগ্ৰসৰতা তথা শিক্ষা-স্বাস্থ্য-জীৱিকাৰ যি চিৰন্তন সমস্যা সেয়া সমস্যা হৈয়ে থাকিব|


গতিকে কেৱল মাত্ৰ ধৰ্মৰ নামত আৱেগ সৰ্বস্ব হৈ অথবা সূতা-কম্বলৰ লোভত অথবা বাংলাদেশীৰ নামত হোৱা হাৰশাস্তিৰ ভয়ত,অসমৰ মুছলমানে যদি এইবেলিও ভোটদান কৰে তেন্তে সেয়া কেৱল জনগোষ্ঠিটোৰ কাৰণেই নহয়, সমগ্ৰ ৰাজ্যখনৰ বাবেই অত্যন্ত দুৰ্ভাগ্যজনক কথা হ’ৱ| এই ক্ষেত্ৰত মুছলমান শিক্ষিত যুৱক-যুৱতীসকলৰো এক অতি গুৰুত্বপূৰ্ণ দায়িত্ব আছে, মাতব্বৰ ৰাজৰ অন্ত পেলাই শিক্ষিত যুৱক-যুৱতী সকলে ভোটাৰ ৰাইজক ভয়-প্ৰলোভন বা ধৰ্মীয় গোড়ামিৰ উৰ্ধত উঠি কেৱলমাত্ৰ প্ৰকৃত সমস্যা আৰু তাৰ সমিধাণৰ ভিত্তিতহে ভোটদান কৰাৰ বাবে অনুপ্ৰাণিত কৰিব লাগে| অসমৰ বৌদ্ধিক ক্ষেত্ৰখনতো মুছলমান সকলৰ প্ৰকৃত সমস্যাৰ বিষয়ে এক বলিষ্ঠ বিতৰ্কৰ অতি প্ৰয়োজন হৈছে, যাতে মুছলমান ভোটাৰক লৈ হোৱা আলোচনা কেৱল মাত্ৰ ধৰ্মীয় গোড়ামি আৰু বাংলাদেশী সমস্যা-হাৰাশাস্তিতে সীমাবদ্ধ হৈ নাথাকে, আৰু অসমৰ ভোটকেন্দ্ৰিক ৰাজনীতিতো এক যোগাত্মক মাত্ৰা যোগ হয়| সেই বিতৰ্ক আৰম্ভ কৰিবৰ হকে অসমৰ মুছলমান সকলৰ কিছু প্ৰকৃত সমস্যাৰ ৰূপৰেখা সহৃদয় পাঠকৰ আগত দাঙি ধৰা হ’ল -

প্ৰশাসন যন্ত্ৰৰ সম্প্ৰসাৰণ : অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো হ’ল প্ৰশাসন যন্ত্ৰৰ কাৰ্যকৰী অবৰ্তমানতা| একাদশ পৰিকল্পনাত অসমৰ সৰ্বমুঠ ১৩ খন জিলাক - কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, বৰপেটা, বঙ্গাইগাওঁ, দৰং, মৰিগাওঁ, কামৰূপ, নগাওঁ, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু উত্তৰ-কাছাৰ পাৰ্বত্য জিলা্- ক ’সংখ্যালঘু অধ্যুষিত জিলা’ হিচাপে ঘোষণা কৰা হয়| উদ্দেশ্য আছিল সংখ্যালঘু উন্নয়ণৰ হকে প্ৰস্তুত কৰা কেন্দ্ৰিয় চৰকাৰৰ বিভিন্ন আচঁনি সমূহ বাস্তৱায়িত কৰা| কিন্তু অসমত বিশেষকৈ ৰাজনৈতিক আন্তৰিকতাৰ অভাৱ আৰু প্ৰশাসন যন্ত্ৰৰ হেমাহিৰ ফলত ’প্ৰাইম মিনিষ্টাৰ ১৫ পইন্ট প্ৰগ্ৰাম’ বা ’মাল্টি ছেক্টৰেল ডেভেলপমেন্ট প্ৰগ্ৰাম’ আদি আঁচনিৰ একো ফলপ্ৰসু ৰূপায়ণ নহল| উল্লেখিত সংখ্যালঘু অধ্যুষিত জিলা সমূহৰ আভ্যন্তৰীণ প্ৰশাসনিক গোট যেনেকুৱা মহকুমা, চক্ৰ আদিৰ গঠন বহু দশক আগতে হৈছিল, তাৰ পুণৰগঠন হোৱাটো একান্ত প্ৰয়োজনীয় হৈ পৰিছে| উদাহৰণ হিচাপে নগাঁও জিলাকে লোৱা যাওঁক| ২০১১ চনৰ লোকপিয়ল মতে নগাওঁ জিলাৰ মুঠ জনসংখ্যা ২৮ লাখতকৈ অধিক, এই জন সংখ্যা মিজোৰাম, অৰুনাচল প্ৰদেশ আৰু চিকিম-এই তিনিখন ৰাজ্যৰ সংযুক্ত জনসংখ্যাৰ প্ৰায় সমান| কিন্তু নগাওঁ জিলাত মহকুমা হ’ল মাত্ৰ তিনিখন-নগাঁও, হোজাই, কলিয়াবৰ| সংখ্যালঘু অধ্যুষিত হোজাই মহকুমাক যদি লোৱা যায়, তেন্তে দেখিব যে তাৰ জনসংখ্যা মিজোৰাম ৰাজ্যৰ প্ৰায় সমান| গতিকে ইমান বৃহত বৃহত একো একোখন মহকুমাত সংখ্যালঘু উন্নয়ণৰ আচঁনি সমূহ যে অপেক্ষাকৃতভাৱে অধিক জৰুৰি আইণ-শৃঙ্খলা আদিৰ সৈতে জড়িত বিষয় সমূহত্কৈ কম গুৰুত্ব পাব, সেয়া অতি স্বাভাৱিক| সেয়েহে, আমি ভাবো বিভিন্ন সংখ্যালঘু অধ্যুষিত অঞ্চলত যেনে কলগাছিয়া, ছয়গাওঁ, মুকালমুৱা, দলগাওঁ, ফকিৰগঞ্জ আদিত নতুন মহ্কুমা গঠন কৰিব লাগে| এই নতুন সৰু সৰু মহকুমা বোৰে প্ৰশাসনযন্ত্ৰক অধিক সক্ৰিয় আৰু অনায়াসলব্ধ কৰি তুলিব, আৰু প্ৰশাসনিক হেমাহি তথা ভেদভাৱ বহু খিনি হ্ৰাস হ’ৱ | প্ৰ্শাসন যন্ত্ৰৰ এই বিকেন্দ্ৰিকৰণে আন বহু সমস্যাৰ লগতে সংখ্যালঘু অঞ্চলসমূহৰ চিৰন্তন আন্ত:গাথনিৰ সমস্যাটোকো দূৰ কৰিব| নতুন মহ্কুমা, চক্ৰৰ গঠন হলে ৰাস্তা-ঘাট, স্কুল-স্বাস্থ্যকেন্দ্ৰ আদিৰ স্থাপন হ’ৱ, নিয়োগ আৰু ঠিকা-ঠুকলিৰ সম্ভৱনাৰ সৃষ্টি আদি বহু আনুসাঙ্গিক উন্নয়ণ হ’ৱ| গতিকে অসমৰ সংখ্যালঘু ভোটাৰ ৰাইজে ভোট দিয়াৰ আগত বেহেস্তৰ টিকেটৰ বা আঠুৱা-কম্বলৰ প্ৰতিশ্ৰুতিৰ সলনি প্ৰশাসন ব্যৱস্থাৰ এই বন্দোবস্তৰ প্ৰতিশ্ৰুতি যাতে ৰাজনৈতিক দল সমূহৰ পৰা আদায় কৰি লয়|

খিলঞ্জীয়া মুছলমানক OBC কৰণৰ দাবি : ভাৰতৰ প্ৰায় ৪৫% মুছলমান ’অন্যান্য অনুন্নত শ্ৰেণী’ (Other Backward Class) ৰ অন্তৰ্ভুক্ত | কেৰেলাৰ প্ৰায় ৯০%, তেনেকৈ তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশ ৰ ৬০% অধিক, ইউ.পি আৰু বিহাৰৰ ৫০ শতাংশতকৈ আধিক মুছলমান ’অন্যান্য অনুন্নত শ্ৰেণী’ৰ অন্তৰ্ভুক্ত| পশ্চিম বংগ আৰু অসমৰ ভাৰতৰ ভিতৰতে আটাইতকৈ কম সংখ্যাৰ মুছলমান উক্ত শ্ৰেণীৰ অন্তৰ্ভূক্ত, পশ্চিম বঙ্গত ২ শতাংশ আৰু অসমত তিনি শতাংশ| কিন্তু অতি সম্প্ৰতি, মমতা বেনাৰ্জ্জী চৰকাৰে ৩০ টা নতুন মুছলমান সম্প্ৰদায়ক ’অন্যান্য অনুন্নত শ্ৰেণী’ ত অন্তৰ্ভুক্ত কৰাৰ কাৰণে বৰ্তমান বংগৰ প্ৰায় ৮৭% মুছলমান সংৰক্ষণৰ সুযোগ-সুবিধা সমূহ গ্ৰহন কৰিব পাৰিছে| কিন্তু অসমত তেনকুৱা কোনো ধৰনৰ প্ৰয়াস পৰিলক্ষিত হোৱা নাই | যাৰ ফলত অসমত, যদিও জম্মু আৰু কাশ্মিৰৰ পিছতে শতকৰা হাৰত আটাইতকৈ বেছি মুছলমান বাস কাৰে, চৰকাৰী চাকৰী তথা আচনি সমুহত মুছলমানৰ অংশগ্ৰহন অতি নগন্য | অসমৰ মুছলমান সম্প্ৰদায় সমুহৰ ভিতৰত কেৱলমাত্ৰ ’মৰিয়া’ আৰু ’মাইমল’ সম্প্ৰদায়্কহে ’অন্যান্য অনুন্নত শ্ৰেণী’ত অন্তৰ্ভূক্ত কৰা হৈছে | অসমৰ খিলঞ্জীয়া মূচলমান জনগোষ্ঠি সমূহ মঙ্গল গ্ৰহৰ পৰা অহা নাই, অসমৰ আন সকলো খিলঞ্জীয়া জনগোষ্ঠিকে এক বা একাধিক তেনেকুৱা সাংবিধানিক বা আইণগত সুযোগ-সুবিধা প্ৰদান কৰা হৈছে, বাদ পৰি গৈছে কেৱল মাত্ৰ খিলঞ্জীয়া মুছলমান জনগোষ্ঠি সমূহ| আহোম সকলক যদি ও.বি.চি হয়, তেন্তে আহোমৰ পৰা ধৰ্মান্তৰিত হোৱা তথা মুছলমান-আহোমৰ বৰ্ণ-সংকৰৰ ফলত সৃষ্টি হোৱা ’গৰিয়া’ জনগোষ্ঠিক কিয় বঞ্চিত কৰ হ’ৱ? একেদৰে, কোচ-ৰাজবংশী সকল যদি ও.বি.চি হয়, তেন্তে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা ৰাজবংশী মুছলমান অৰ্থাত ’দেশী’ সকলক কিয় বঞ্চিত কৰা হ’ৱ? জীৱিকাৰ ভিত্তিত উজনি অসমৰ পৰম্পৰাগত কাৰু তথা হস্ত শিল্পৰ লগত জড়িত ’মৰিয়া’ সকলক ও.বি.চি ৰ অন্তৰ্ভূক্ত কৰা হৈছে ঠিকেই, কিন্তু নামনি অসমৰ পৰম্পৰাগত ভাবে বিভিন্ন শিল্পৰ লগত জড়িত মুছলমান সম্প্ৰদায় সমূহ যেনে ’জুলাহ’ (বয়ন শিল্প)সকলক বঞ্চিত কৰা হৈছে | তেনেদৰে, বৰাক উপতক্যাৰ মাছ-মৰিয়া সম্প্ৰদায়- ’মাইমল’ সকলক অন্তৰ্ভূক্ত কৰা হৈছে কিন্তু নামনি অসমৰ মাছ-মৰিয়া সম্প্ৰদায় ’ডাটিয়া’ সকলক বঞ্চিত কৰা হৈছে | গতিকে, মাতব্বৰৰ মাৰৰ ভয় বা মৌলানাৰ কু-দোৱাৰ ভয় নহয় বৰং অসমৰ বিভিন্ন অনুন্নত খিলঞ্জীয়া মুছলমান জনগোষ্ঠি সমূহক ও.বি.চি. ৰ অন্তৰ্ভুক্তকৰণৰ প্ৰতিশ্ৰুতি ভোটদানৰ অন্যতম প্ৰধান প্ৰাক-চৰ্ত হওক, যাতে বৰ্তমানৰ ২% মুছলমান ও.বি.চি ৰ পৰা এই সংখ্যা বাঢ়ি অন্তত সৰ্ব্ব-ভাৰতীয় গঢ় ৪৫% ৰ সমান হয় |

গৰাখহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী : ন্যাশ্বনেল ইনষ্টিটিউট অৱ হাইড্ৰ’লজি আৰু আই.আই.টি, ৰুৰকিৰ গৱেষক সকলৰ যৌথ গবেষণা পত্ৰত এই কথা কোৱা হৈছে যে, ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত ইতিমধ্যে প্ৰায় ৪০০০ বৰ্গ কিল’মিটাৰ মাটিকালি জাহ গৈছে| এতিয়াও বাৰ্ষিক ৮০ বৰ্গ কিমি হাৰত মাটিকালি জাহ গৈ আছে | এই গৰাখহনীয়াৰ ফলত প্ৰায় ২৫০০ গাওঁ নিচিহ্ন হৈছে আৰু প্ৰায় ৫০ লাখ মানুহ আক্ৰান্ত হৈছে | ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত স্থানান্তৰিত হোৱা মানুহৰ সৰহ সংখ্যকে ইছলামধৰ্মী| এই বাস্তুহীণ মানুহ সকলে এক ভাসমান জনসংখ্যা (floating population)ৰ সৃষ্টি কৰিছে| এই বাস্তুহীণ ভাসমান জনসংখ্যা স্বাভাৱিকতে উজাই যোৱাৰ প্ৰচেষ্টা কৰে আৰু বিভিন্ন ঠাইত চৰকাৰী মাটি, পতিত মাটি দখল কৰা দেখা যায়, আৰু ৰাতিটোৰ ভিতৰতে উৰি আহি জুৰি বহা এনেকুৱা মানুহে সাধাৰণ ৰাইজৰ মনত বাংলাদেশীৰ প্ৰবজন সম্বন্ধে বিভিন্ন আশংকাৰ সৃষ্টি কৰে| গৰাখহনীয়াই কেৱল মানুহক বাস্তুহীণে নকৰে, গৰাখহনীয়াৰ ফলত বিভিন্ন অঞ্চলৰ আত্ম-নিৰ্ভৰশীল অৰ্থনীতিও তচনচ হোৱা দেখা যায়| ঊদাহৰণ হিচাপে দক্ষিণ শালমৰাকে লোৱা যাওক, এসময়ত নামনি অসমৰ ভিতৰতে কৃষি-ব্যৱসা-উদ্যোগ আদিত সচ্চল এই অঞ্চল আছিল স্থানীয় অৰ্থনীতিৰ এক কেন্দ্ৰস্থান| কিন্তু আজি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কেৱল সেই অৰ্থনীতিয়ে ধংস কৰা নাই, লক্ষাধিক লোকক প্ৰকৃত অৰ্থত বাস্তুহীন-সৰ্বহাৰাত পৰিণত কৰিছে| গৰাখহনীয়াৰ দ্বাৰ স্থানান্তৰিত হোৱা এই দুখীয়া মুছলমান সকল যেতিয়া জীবিকাৰ সন্ধানত বিভিন্ন চহৰ-নগৰলৈ যায় বিশেষকৈ উজনি অসমৰ তেতিয়া সাধাৰণ ৰাইজৰ চকুত ’মিঞা’ৰ ’ভিজিবিলিটি’ বা দৃষ্টিগোচৰতা বাঢ়ে, এই ’ভিজিবিলিটি’ ও সাধাৰণ মানুহৰ মনত অবৈধ বাংলাদেশীৰ আশংকা বঢ়াই তোলে ফলত বিভিন্ন দল-সংগঠনে তথাকথিত ’অবৈধ বাংলাদেশী’ৰ নামত গৰাখহনীয়াৰ দ্বাৰা স্থানান্তৰিত প্ৰকৃত ভাৰতীয় নাগৰিক সকলক বিভিন্ন হাৰশাস্তি কৰাৰ খবৰ বাতৰি কাকতত স্থান পায় | গতিকে, বাংলাদেশীৰ নামত হোৱা হাৰাশাস্তিৰ ভয় নহয়, গৰাখহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰা আৰু গৰাখহনীয়াৰ দ্বাৰা ক্ষতিগ্ৰস্থ মানুহক ’আভ্যন্তৰিণভাৱে স্থানান্তৰিত ব্যক্তি’ (Internally Displaced Persons) বুলি স্বীকৃতি প্ৰদানকৰাটো অসমৰ সংখ্যালঘু ভোটাৰ ৰাইজৰ ভোটদান কৰাৰ মূখ্য দাবী হওক|

শিক্ষাৰ সম-অধিকাৰ আৰু সম-সুযোগৰ দাবি : ২০০১ চনৰ লোক-পিয়ল মতে, অসমত শিক্ষিতৰ হাৰ ৬৩.২৫% (পুৰুষ ৭১%, মহিলা ৫৪.৬১%) | কিন্তু অসমৰ মুছলমানৰ শিক্ষাৰ হাৰ মাত্ৰ ৪৮% | মুছলমান মহিলাৰ শিক্ষাৰ হাৰ অতি পুতৌজনক, মাত্ৰ ৪০% | এক সমীক্ষাত প্ৰকাশ যে, চৰ অঞ্চলত এই হাৰ অতি দুখলগা ভাবে কেবল ১৭% |শিক্ষাৰ অভাৱেই মুছলমান সমাজৰ সামগ্ৰিক অনগ্ৰ্সৰতা আৰু তাৰ লগত জড়িত শোষণৰ মূল কাৰক বুলি আমি ভাবো | যিহেতু অনন্য অঞ্চলৰ তুলনাত, মুছলমান অধ্যুষিত অঞ্চলত সৰ্বশিক্ষা অভিযানৰ সামগ্ৰিক ফল বিশেষ আশাব্যঞ্জক নহয়, গতিকে মুছলমান অধ্যুষিত অঞ্চলৰ বাবে শিক্ষাৰ অধিকাৰ আইণৰ আধাৰত এক বিশেষ সূকীয়া কাৰ্যসূচীৰ প্ৰ্য়োজনীয়তা কোনেও নুই কৰিব নোৱাৰিব | এই বিশেষ আচনি ৰুপান্তৰিত কৰিবৰ হকে, সৰ্বশিক্ষা আভিযানৰ আধাৰত মৌলানা আজাদ ফাউন্ডেচনৰ দৰে এক বিশেষ প্ৰাধিকৰণৰ প্ৰ্য়োজন আছে আৰু এই প্ৰধিকৰণৰ অধীনত অতি শিঘ্ৰে খাৰেজি/হাফেজি মাদ্ৰাছা সমূহক পঞ্জীয়ণ কৰাই, এই মাদ্ৰাছা সমূহকো সৰ্বশিক্ষা অভিযাণত সামৰি লৈ ’মিড ডে মিল’ আঁচনিৰ সুবিধা সমূহ আগবঢ়াবো লাগে| মুছলমান নাৰীৰ শিক্ষাৰ অগ্ৰাধিকাৰক ন্যায্য গুৰুত্ব দিয়াটো সময়ৰ দাবি| গুনগত আৰু সৰ্বজনীন শিক্ষাৰ দ্বাৰা সংখ্যালঘু সম্প্ৰদায়ৰ সামগ্ৰিক উন্নয়নৰ বাবে- ক)আলিগড় মুছলিম বিশ্ববিদ্যালয় বা জামিয়া মিলিয়া ইছলামিয়াৰ আৰ্হিত কৰিমগঞ্জ, উত্তৰ-লক্ষিমপুৰ, নগাওঁ আৰু মাণকাচৰত চাৰিখন আৱাসিক বিশ্ববিদ্যালয় স্থাপন খ) প্ৰতিটো সংখ্যালঘু অধ্যুষিত ব্লকত অন্তত এখন চৰকাৰী আৱাসিক স্কুল স্থাপন গ) প্ৰতিটো সংখ্যালঘু অধ্যুষিত মহকুমাত এখন কৈ জৱহৰ নৱোদয় বিদ্যালয় স্থাপন ঘ) প্ৰতিটো সংখ্যালঘু মহকুমাত মহিলাৰ বাবে এখনকৈ উদ্যোগিক প্ৰশিক্ষণ অনুষ্ঠান (ITI) স্থাপনৰ দাবী হওক সংখ্যালঘু ভোটাৰ ৰাইজৰ ৰাজনৈতিক নেতা তথা দল চয়ণৰ প্ৰধান পূৰ্ব-চৰ্ত, শেষৰাতি পাঁচশ টকাৰ বিনিময়ত নিজৰ ’ঈমান’ বন্ধকীত দিয়া বন্ধ হওক|
অসমৰ সংখ্যালঘুৰ জীবিকা নিশ্চিতকৰণৰ দাবী : ২০০১ চনৰ লোক-পিয়ল মতে, অসমৰ মুছলমানৰ ’কৰ্মত অংশগ্ৰহন’ (work participation) সমগ্ৰ দেশৰ ভিতৰতে অন্যতম নিম্ন, কেবল মাত্ৰ ২৯.১% অৰ্থাত অসমৰ মুছলমান সকলৰ প্ৰায় ৭১ শতাংশৰে নিয়মীয়া জীবিকা নাই | অসমৰ সংখ্যালঘু সকলৰ জীবিকা তথা আৰ্থিক উন্নয়নৰ হকে অসম সংখ্যালঘু উন্নয়্ণ আৰু বিত্ত কৰ্পোৰেচন ( Assam Minority Development and Finance Corporation) ৰ গঠন কৰা হৈছিল | কিন্তু উল্লেখিত ক’ৰপোৰেচনটো এটা বগা হাতীত হে পৰিনিত হৈছে | গতিকে, এক ’কৰ্পাছ ফান্ড’ গঠনৰ দ্বাৰা ক’ৰপোৰেচনৰ নবীকৰন আৰু ’পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বীপ’ ৰ আৰ্হিত কোনো বিশ্বাসযোগ্য বেচৰকাৰী সংস্থাৰ দ্বাৰা সেই ফান্ড সংখ্যালঘুৰ জীবিকা তথা আৰ্থিক উন্নয়নৰ হকে ব্যবহাৰিত হওক | গতিকে, পীৰ-দৰৱেশৰ আদেশ বা টিনপাত-দমকলৰ লোভ নহয়, মুছলমানৰ জীবিকা আৰু আৰ্থিক উন্নয়ন, সংখ্যালঘু ভোটাৰ ৰাইজৰ দল-নেতা চয়নৰ অন্যতম প্ৰধান চৰ্ত হওক |
অসম প্ৰদেশ সংখ্যালঘু কমিছনক কাৰ্যক্ষম কৰাৰ দাবি : সংখ্যালঘু প্ৰীতিৰ নিৰ্দশন হিচাপে অসম চৰকাৰে ২০০৩ চনতে অসম ৰাজ্যিক সংখ্যালঘু আয়োগ,২০০৩ আইণৰ দ্বাৰা এখন সংখ্যালঘু আয়োগ গঠন কৰিছে হয়, কিন্তু উক্ত আইনৰ অধীনত আজি লৈকে কোনো নিয়ম-প্ৰবিধান যুগতোৱা হোৱা নাই | যাৰ ফলত অসম সংখ্যালঘু আয়োগ আজি লৈকে কাৰ্য্ক্ষম হ’ব পৰা নাই | সংখ্যালঘু নাগৰিকৰ অধিকাৰৰ সুৰক্ষাৰ হকে এক শক্তিশালী সংখ্যালঘু আয়োগ অতি জৰুৰী| অসমৰ নিচিনা দুখীয়া ৰাজ্যত সংখ্যালঘু আয়োগক কেবল কাৰ্যক্ষমেই নহয়, উপযুক্ত ক্ষমতা প্ৰদান কৰি এই আয়োগক, সংখ্যালঘুৰ বাবে নিৰ্ধাৰিত আচনি সমূহৰ উপযুক্ত ৰূপায়ণ পৰ্যাবেক্ষণ কৰিব পৰাকৈ শক্তিশালী কৈ গঢ়ি তোলাটো প্ৰয়োজনীয় হৈ পৰিছে | গতিকে, ধৰ্মান্ধতা বা ৰাজনৈতিক বুজৰুকি নহয় বৰং এক কাৰ্যক্ষম আৰু শক্তিশালি সংখ্যালঘু আয়োগ হওঁক সংখ্যালঘু ভোটাৰ ৰাইজৰ ৰাজনৈতিক সিধান্তৰ মূল বিচাৰ্য বিষয়|

ৱাকফ ব’ৰ্ডৰ পুণৰ গঠনৰ দাবি : অসমৰ ৱাকফ ব’ৰ্ডৰ প্ৰায় ৪০ হেজাৰ কোটি টকাৰ সম্পত্তি আছে, আছে ৩৫০০ বিঘাৰ এখন চাহ বাগান | যদি ভালকৈ ব্যৱস্থাপন কৰা যায়, তেন্তে ৱাকফ ব’ৰ্ড নিজাববীয়াকৈ ৰাইজৰ বিভিন্ন উন্নয়নমূলক আচনি পৰিচালিত কৰিব পাৰিব | কৰ্ণাটক, মহাৰাষ্ট্ৰ, অন্ধ্ৰ-প্ৰদেশ আদিৰ ৱাকফ ব’ৰ্ডে মেধাবি ছাত্ৰৰ বাবে জলপানীৰ পৰা আৰম্ভ কৰি কাৰিকৰি শিক্ষাৰ অনুষ্ঠান, দাতব্য হাস্পাতাল, আনকি শ্বপিং ম’ল ও পৰিচালিত কৰে | কিন্তু অপ্ৰিয় হলেও সচা যে, অসমৰ ৱাকফ ব’ৰ্ড ৰাজনীতিৰ এক চৰণীয়া পথাৰত পৰিণত হৈছে| ৰাজনৈতিক নেতা-পালিনেতা, ভূ-মাফিয়া আৰু একাংশ কৰ্মচাৰীৰ অসাধু চক্ৰান্তত ইতিমধ্যে বৃহত পৰিমাণৰ মাটি বে-আইণী ভাৱে দখল হৈ গৈছে| বৰ্তমানৰ অধ্যক্ষ অধিবক্তা নেকিবুৰ জামান যদিও অতি আন্তৰিকতা আৰু সততাৰে এই বে-আইণী দখলকাৰী সকলক উচ্ছেদ কৰাৰ প্ৰয়াস কৰি আছে কিন্তু বেছি সফল হ’ৱ পৰা নাই| কাৰণ, কেন্দ্ৰীয় চৰকাৰে ৱাকফ আইণ, ১৯৯৫ খনক সংশোধন কৰি ৱাকফ সংশোধনী আইণ, ২০১৩ নামৰ এক নতুন আইণ প্ৰবৰ্তন কৰিছে, এই নতুন আইণে বে-আইণী দখলদাৰ সকলক উচ্ছেদ কৰাৰ হকে ৰাজ্যিক ৱাকফ বৰ্ডক অধিক ক্ষমতা প্ৰদান কৰিছে| ভাৰতৰ বিভিন্ন ৰাজ্য ইতিমধ্যে উক্ত আইণৰ আধাৰত নিজৰ নিজৰ ৰাজ্যিক আইণৰ শুধৰণি কৰিছে, কিন্তু অতি আচৰিত ভাৱে অসম ৰাজ্যত আজি লৈকে উক্ত আইণৰ শুধৰণি নহল| গতিকে দিছপুৰীয়া দালালৰ ছলাহি কথা নহয়, ধৰ্মৰ ৰঙীণ চশমাও নহয়, ৱাকফ ব’ৰ্ডক পুণৰ গঠন আৰু অসমৰ মুছলমান ৰাজহুৱা সম্পত্তিক সঠিক ব্যৱস্থাপন কৰাৰ দিহা কৰাৰ দাবি ভোটদানৰ অন্যতম প্ৰধান পূৰ্ব-চৰ্ত হওক |
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

1 comments:

  1. গুৰুত্বপুৰ্ণ তথ্য , ধন্যবাদ #আশিক_জামান ছাৰ(IAS)

    ReplyDelete