হোমেন বৰগোহাঞি লৈ “ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্রীতি সন্মান”

বংগীয়মূলৰ অসমীয়া মুছলমান সমাজৰ প্রথিতযশা সাহিত্যিক, সমাজ সংস্কাৰক তথা অগ্রজ অসমীয়া সমাজ আৰু বংগীয়মূলৰ অসমীয়া সমাজৰ মাজৰ সমন্বয়ৰ সেতুস্বৰূপ প্রয়াত “ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্রীতি সন্মান” এই বছৰ মানৱতাবাদী লেখক তথা প্রখ্যাত চিন্তাবিদ হোমেন বৰগোহাঞি দেৱলৈ আগবঢ়াবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে। 
এই সন্মান প্রদান অনুষ্ঠান অহা ইং ২৯ নৱেম্বৰ, ২০১৫ চন দেওবাৰে দিনৰ ১০ বজাত দিশপুৰ প্রেছ ক্লাৱ প্রাঙ্গনত অনুষ্ঠিত কৰা হ’ব। উক্ত অনুষ্ঠানতে অধ্যাপক আব্দুল মান্নান চাহাবে ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী তৃতীয় বার্ষিক বক্তৃতাও প্রদান কৰিব।
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment