সাংবাদিক প্রাঞ্জল বর্মনৰ ব্যঙ্গ কলম: মিঞা নোহোৱা এখন অসম

প্রাঞ্জল বর্মন: ৰাজনীতিৰ নামত ৰাজনীতিৰ জুৱা খেলা অসমীয়া জাতীয় বীৰসকলে (!) কেতিয়াবা মিঞা নোহোৱা এখন অসমৰ কল্পনা কৰিব পাৰেনে? জাতি ৰক্ষাৰ নামত তালফাল লগাই, নিতৌ আন্দোলন-প্ৰতিবাদ কৰি অসমৰ আকাশ বতাহ উত্তাল কৰি ৰখা আমিবোৰে কেতিয়াবা এবাৰলৈও ভাবি চাইছোনে - মিঞা নাথাকিলে অসমীয়াৰ কি হ’ব? সহজ কথা -

  • মিঞা পোৱালি নাথাকিলে আমি চাহাবৰ বেটাসকলৰ বিল্ডিঙৰ ছাদ কোনে ঢালাই দিব? 
  • মিঞা নাথাকিলে আমাৰ চকচকীয়া গাড়ীবোৰ চলাবলৈ টিকাফটা ৰ’দতো পেটৰ পোৱালি কাষত বহুৱাই থৈ ৰাস্তা কোনে পকী কৰিব?
  • মিঞা নাথাকিলে বহি খোৱা অসমীয়াক শাক-পাঁচলি কোনে খুৱাব? মিঞা মাইকী নাথাকিলে আমাৰ ঘৈণীবোৰৰ পেটীকোট কোনে ধুই দিব?

অসম আন্দোলনৰ ফলাফল কি হ’ব সেইসময়ৰ বহু দূৰদৰ্শী ব্যক্তিয়ে আঙুলিয়াই দিলেও তাক কোনেও গুৰুত্ব নিদিলে; বৰঞ্চ জাতিদ্ৰোহী বুলি তেওঁলোকক অপমানিত কৰা হ’ল। আজি ছবছৰীয়া সেই অগ্নিবৰ্ষা অসম আন্দোলনৰ ফলশ্ৰুতি প্ৰতিজন অসমীয়াই প্ৰত্যক্ষ কৰিছে৷ সত্যক অস্বীকাৰ কৰাৰ সময় এতিয়া উকলিল৷ মিঞা জাতিটোৰ সমান পৰিশ্ৰমী জাতি পৃথিৱীত খুব কমেই আছে৷ তেওঁলোকে কৰা শ্ৰমৰ আমি কল্পনাও কৰিব নোৱাৰো৷ অথচ কথাই কথাই মিঞা, মিঞা বুলি এইসকলক বাৰে বাৰে ‘বাংলাদেশী’ৰ নামত অপমানিত কৰা হয়৷

‘যোগ্য ভোগ্য বসুন্ধৰা’ এই কথাষাৰ মনত ৰখাটো খুবেই জৰুৰী৷ এলেহুৱা নিষ্কৰ্মা জাতিক সময়ে ধৰাৰ বুকুৰ পৰা অনন্তকালৰ বাবে বিদায় জনাইছে৷ বুৰঞ্জীৰ পাতে পাতে এনে বহু উদাহৰণ বিৰাজমান৷ অসমীয়া সোৰোপা জাতি, এই অভিযোগ নতুন নহয়৷ বহি খাবলৈ পালে আমাক আন একোকে নালাগে৷ অসমীয়া শ্ৰমিকে অট্টালিকাৰ ছাদ ঢালাই কৰাৰ দৃশ্য আমি কল্পনাও কৰিব নোৱাৰো৷ হাড়ভগা শ্ৰম কৰি গৰু-ছাগলীৰ দৰে মিনি ট্ৰাকত যোৱা মিঞা মতা-মাইকী-শিশুৰ জাকটো আমাৰ বাবে সাধাৰণ দৃশ্য৷ বিঘাই বিঘাই সাৰুৱা কৃষিভূমি থাকিও বছৰৰ বাৰটা মাহৰ চাৰিটা মাহ খেতি কৰি (তাকো দুটা চিজনত) বাকী আঠটা মাহেই ভৰিৰ ওপৰত ভৰি তুলি; গৰমত অাঁহতৰ ছাঁত, ঠাণ্ডাত জুহালৰ গুৰিত বহি বাৰেভচহু কথাৰ মালিহা মৰাটো অসমীয়া কৃষকৰ এটা পৰিচিত দৃশ্য৷ অথচ মিঞাসকলে চৰৰ মাটি ভাঙি খেতি-খোলা কৰিলে আমাৰ গাত বিছাই ডকা দি ডাকে৷ ‘জাতিটো গেল, দেশখান গেল’ বুলি তালফাল লগাই দিওঁ৷

অসমীয়া ভাষাৰ শৰাধ পাতি বহুজাতিক কোম্পানীসমূহে যোগান ধৰা দোকানৰ বেনাৰ পোষ্টাৰবোৰত সততে পৰিলক্ষিত হয় বানান বিভ্ৰান্তি৷ শুদ্ধ অসমীয়াৰ পৰিৱৰ্তে কোম্পানীৰ মন মৰ্জি বানানেৰে লিখি পঠিওৱা ছাইনবোৰ্ডবোৰ ভুল বুলি জানিও আমি গৌৰৱেৰে ওলোমাই ৰাখো নিজৰ নিজৰ দোকানৰ সন্মুখত৷ অসমীয়া জাতিৰ এটা বৃহৎ অনুষ্ঠান অসম সাহিত্য সভাও এইক্ষেত্ৰত নিমাত৷ একমাত্ৰ সাহিত্য সভাৰ একাংশ বিষয়ববীয়াৰ চূড়ান্ত স্বাৰ্থপৰ মনোভাৱৰ বাবেই বৃহত্তৰ অসমীয়া জাতি তথা ভাষাৰ পৰা ফালৰি কাটি সকলোৱে সুকীয়া সুকীয়া সাহিত্য সভাৰ সৃষ্টি কৰিলে৷ বড়ো সাহিত্য সভাকে ধৰি প্ৰায় প্ৰতিটো সৰু-বৰ জনগোষ্ঠী-উপজাতিৰে আজিৰ তাৰিখত একো একোখন সাহিত্য সভা৷ অসম সাহিত্য সভাই সময় থাকোতেই কিয় এইসকলক সামৰি-সুতৰি আপোন কৰি ল’ব নোৱাৰিলে সেই প্ৰশ্নৰ উত্তৰ এতিয়া কাৰো ওচৰত নাই৷ চৰ-চাপৰি সাহিত্য পৰিষদৰ জন্মও ইয়াৰ ব্যতিক্ৰম নহয়৷ চৰ-চাপৰি সাহিত্য পৰিষদে ২০১১ চনৰ লোকপিয়লৰ সময়ত বাংলাভাষিক সম্প্ৰসাৰণবাদীসকলৰ বিপক্ষে কাম কৰিবলৈ সিদ্ধান্ত লৈছিল৷ সেইমৰ্মে চৰ-চাপৰি অঞ্চলত তেওঁলোকে ৫০ খনতকৈও অধিক জনসভা অনুষ্ঠিত কৰিছিল৷ তেনে এখন সভা অনুষ্ঠিত হৈছিল ৬ ফেব্ৰুৱাৰী, ২০১১ চনত বৰপেটাৰ সোণকুছি কলনীৰ কাষত জুকিৰপাম নামৰ এখন গাঁৱত৷ তাত উগ্ৰ বাংলাভাষিক সম্প্ৰসাৰণবাদীসকলে চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদক শাৰীৰিকভাৱে আক্ৰমণ কৰে৷ এই আক্ৰমণৰ ফলত সমগ্ৰ চৰ-চাপৰিত বাংলাভাষিক সম্প্ৰসাৰণবাদীৰ বিপক্ষে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠে আৰু ষড়যন্ত্ৰকাৰীসকলৰ ষড়যন্ত্ৰ ব্যৰ্থ হয়৷

সম্পাদকৰ সংযোজন : অসমীয়া সমাজ জীৱনত মিঞাসকলৰ অৱদানক কোনেই নুই কৰিব নোৱাৰে  । কিন্তু তেওলোক নহ'লে অসম আৰু অসমীয়াৰ বিলাই বিপত্তি নোহোৱা হব বুলি কলে বুজিৱলৈ অলপ অসুবিধা হয় । তদুপৰি ইমান পৰিশ্ৰমী জাতি এটা অৰ্থনৈতিকভাবে কিয় যথেষ্ট পৰিমানে আগবাঢ়িব পৰা নাই সেইটোও এটা আলোচনাৰ বিষয় । মিঞা সকলৰ দুর্গতিৰ আৰৰ কাহিনী কি ?
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment