হোমেন বৰগোহাঞি অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ

হোমেন বৰগোহাঞি অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হয়। ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।

লেখক হিচাপে বা মানুহ হিচাপে যাৰ আছে এক অগতানুগতিক ব্যক্তিত্ব আৰু এক ব্যতিক্ৰম। আৰু ব্যতিক্ৰমে সদায়েই মন আৰু চকু দুয়োটাকে আকৰ্ষণ কৰে৷ বৰগোহাঞিৰ সাহিত্য-সৃষ্টিৰ কোনো দিশেই গতানুগতিক নহয়, ই নিত্য নতুন। ৰচনাশৈলী, শব্দ-সংযোজনা, বিষয়-বস্তুৰ উপস্থাপনা- এই সকলোবোৰতে প্ৰতীয়মান হৈছে৷ লেখক হিচাপে তেওঁ সফল৷ তেওঁৰ সাহিত্য প্ৰতিভাই অসমৰ প্ৰতিজন সাহিত্যপ্ৰেমীক মোহাচ্ছন্ন কৰিবলৈ সক্ষম হৈছে। প্ৰতিখন কিতাপতে এক সুকীয়া আমেজ দিবলৈ তেওঁ সক্ষম হৈছে।
1. উপন্যাস
* সাউদৰ পুতেকে নাওঁ মেলি যায়
* হালধীয়া চৰায়ে বাওধান খায়
* অস্তৰাগ
* পিতা-পুত্ৰ
* কুশীলৱ,
* তিমিৰ তীৰ্থ
* এদিনৰ ডায়েৰী
* বিষণ্ণতা
* নিসংগতা
* সুবালা
* মৎস্যগন্ধা
* তান্ত্ৰিক
2. কবিতা পুথি
* হৈমন্তী
3. প্ৰবন্ধ সংকলন
* প্ৰজ্ঞাৰ সাধনা
* গদ্যৰ সাধনা
* পাঠকৰ টোকবহী
* উচ্চাকাংক্ষা
* আশীৰ দশকৰ দস্তবেজ
* বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি
* মানুহ হোৱাৰ গৌৰৱ
* আধুনিক যুগৰ জন্ম কাহিনী
* কিতাপ পঢ়াৰ আনন্দ
* শৰীৰ আৰু আৰু হৃদয়
* সাৰাংশ
* জিজ্ঞাসা
4. আত্মজীৱনীমূলক
* আত্মানুসন্ধান
* মোৰ সাংবাদিক জীৱন
* ধুমুহা আৰু ৰামধেনু (তিনিটা খণ্ডত সমাপ্য আত্মজীৱনীৰ ১ম খণ্ড আৰু ২য় খণ্ড)
* মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ
5. অন্যান্য
* বিংশ শতাব্দীৰ সন্ধানত (সম্পা:)
* সোনাৰাম চুতীয়া: এজন অসাধাৰণ সাধাৰণ মানুহ
6. সম্পাদিত আলোচনী আৰু কাকত
* আমাৰ অসম
* অসম বানী
* নিলাচল
* সূত্ৰধাৰ
* নাগৰিক
* সাতসৰী
7. উল্লেখযোগ্য বঁটা / কৃতিত্ব
* সাহিত্য একাডেমী বঁটা
* অসম উপত্যকা সাহিত্য বঁটা
* নীলমণি ফুকন বটাঁ
* শ্ৰীমন্ত শংকৰদেৱ বঁটা
* ২০০১ আৰু ২০০২ চনৰ অসম সাহিত্য সভাৰ ক্ৰমে ডিব্ৰুগড় আৰু কলগছীয়াৰ অধিবেশনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল
* মৎসেন্দ্ৰ নাথ বঁটা
===তথ্য সংগ্রহ : মাইন উদ্দিন, অসমীয়া ৱিকিপিডিয়াত সংযোজিত প্ৰবন্ধৰ সম্পাদিত অংশ ===
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment