লাচিত বৰফুকন আছিল অসমীয়া বীৰ, হিন্দু বীৰ নহয়

লাচিত বৰফুকন আছিল অসমীয়া বীৰ, হিন্দু বীৰ নহয়। শৰাইঘাটৰ যুদ্ধ হিন্দু-মুছলমানৰ যুদ্ধ নাছিল। ই আছিল বিদেশী আগ্ৰাসনৰ বিৰুদ্ধে অসমীয়াৰ মৰণপণ যুঁজ। কিন্তু বিজেপি-আৰ এছ এছে লাচিতক হিন্দু বীৰহিচাপে প্ৰক্ষেপ কৰিবলৈ চেষ্টা কৰাটো অসমীয়া জাতীয় স্বাৰ্থৰ পৰিপন্থী হৈছে। 
লাচিত দিৱসত কট্টৰ হিন্দুত্ববাদীৰ নেতা তথা বিজেপি সাংসদ যোগী আদিত্যনাথক নিমন্ত্ৰণ কৰি অসমীয়াৰ মাজত সাম্প্ৰদায়িক বিষ বাষ্প ছটিয়াবলৈ চেষ্টা কৰিছে গেৰুৱা দলটিয়ে। সাংসদজনে অসমৰ ইতিহাস নাজানিব পাৰে, কিন্তু জাতি-ধৰ্ম আৰু ৰাজনৈতিক দলনিৰ্বিশেষে সকলো অসমীয়াই জানে যে বীৰ লাচিতৰ প্ৰধান সহযোগী তথা গৰগঞা সেনাপতি বাঘ হাজৰিকা বা ইছমাইল চিদ্দিকী মুছলমান আছিল আৰু অসমৰ মুছলমান সেনায়েও লাচিতৰ নেতৃত্বত মোগলৰ বিৰুদ্ধে যুঁজ দি জয়ী হৈছিল। আনহাতে মোগলৰ সেনাপতি ৰামসিংহ হিন্দু আছিল। জাতীয় বীৰ লাচিতক সাম্প্ৰদায়িক ৰহণ দি তেওঁক অপমান কৰিবলৈ দিয়াটো সহ্য কৰা নহ'ব।
=== Aziz-ul Haque ===
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment