কিহৰ স্বাৰ্থত ৰছুল হকৰ গৰম বক্তব্য ?

ধুবুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰে অলপতে অসম ৰক্তাক্ত কৰাৰ ভাবুকি দিয়া বুলি কাকতত পালোঁ । সিদিনাৰ বক্তব্যত এন আৰ চি আধ্যবধিকৰণৰ পূৰ্বেই ডি ভোটাৰৰ সমস্যা সমাধানৰ বাবে দাবী জনাই চৰকাৰক ১ জানুৱাৰীলৈ সময়সীমা বান্ধি দিয়ে আৰু এই সময়সীমাৰ ভিতৰত দাবী পূৰ্ণ নহলে অসম ৰক্তাক্ত কৰাৰ হুংকাৰ দিয়ে বুলি কাকতত প্ৰকাশ ।

এতিয়া আহিছোঁ দাবীটোৰ ন্যায্যতা কিমান তালৈ । আজিও আমাৰ দৰে অনেকেই স্পষ্ট নহয় প্ৰায় দুই লাখ ডি ভোটাৰ সন্দৰ্ভত এন আৰ চি কৰ্তৃপক্ষ নতুবা চৰকাৰী নীতি কি ? ডি ভোটাৰৰ বাবে এন আৰ চি ভেৰিফিকেচন ফৰ্মত পৃথক ঠাই আছে যদিও এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছৰ চৰকাৰী নীতি কি হ’ব ? সকলো তথ্য প্ৰমাণ পোৱা গলে আদালতৰ দ্বাৰস্থ হৈয়েই নিজৰ নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব নে অন্য কোনো উপায়েৰে এই সমস্যাৰ সমাধানৰ থল ৰাখিছে ? যদিহে বৰ্তমানৰ দৰেই কোনো সমাধানৰ উদ্দেশ্য নোহোৱাকৈ কেৱল ৰাজনীতিৰ স্বাৰ্থত আদালাতৰ মাৰফৎতে সমাধান চলি থাকে, তেন্তে ভুক্ত-ভোগী সকলৰ বাবে 'নেংটি' আৰু 'পুটকি' একেই হ’ব যে সেয়াও নিশ্চিত ।



যদিহে ৰছুল হকে আমাৰ দৰে শংকা অনুভৱ কৰি ডি ভোটাৰৰ সমস্যাৰ সমাধান বিজ্ঞানসন্মত তথা যুক্তি-যুক্ত ভাবে খুজিলে হেতেন তেন্তে তাৰ কথা সুকীয়া আছিল । অন্যহাতে কোনো দিনেই গণতান্ত্ৰিক আন্দোলন নকৰাকৈ গণভিত্তিহীন ভাবে এনেকৈ মন্তব্য কৰাটোৱেই এক সন্দেহজনক বিষয় । জনগণক সমস্যাটোৰ বিষয়ে সজাগ কৰাই, জনগণৰ দ্বাৰা আবেগ বৰ্জিত আৰু হিংসাহীন ভাবে আন্দোলন গঢ় দিয়াটো সমৰ্থন কৰো যদিও হকৰ এনে গৰম মন্তব্য কোনোপধ্যেই সমৰ্থন যোগ্য নহয় । বিভিন্ন সময়ত ৰছুল হক বাহাদুৰৰ বিভিন্ন মন্তব্য আমি লক্ষ্য কৰি আহিছোঁ । এওঁৰ বক্তব্য ইমানেই উগ্ৰ যে, উগ্ৰতা আৰু সাম্প্ৰদায়িকতাৰ গোন্ধত প্ৰকৃত তথা জলন্ত সমস্যাটোৱে তল পৰি যোৱাৰ লগতে সেই সমস্যা সম্পৰ্কে জনগণৰ মাজত এক বেয়া ধাৰণা বিয়পি পৰে ।

দুবছৰ মান আগতে মালিগাঁওস্থিত জালুকবাৰী থানাত তেওঁৰ বিৰুদ্বে গোচৰৰ ফাইল এটা চাইছিলো, তেতিয়াই জানিছিলোঁ পুলিচৰ হাতত তেখেতে দিয়া সাম্প্ৰদায়িক মন্তব্যৰ ভিডিঅ ৰেকৰ্ডিংও আছে, তথাপিও মানুহজন আজিলৈ পুলিচৰ হাতত নপৰাৰ কাৰণ কি ? চৰকাৰী ভাবেই দিয়া হয় নেকি ৰক্ষণা-বেক্ষণা ? এইবাৰ নিৰ্বাচন আহি আছে, এওঁ বেনাৰ-ফ্লেক্স বনাই আকৌ নিজক জাহিৰ কৰিব –মুছলমান দৰদী বুলি, ধৰ্মীয় আৱেগেৰে দুই-চাৰিজনক নিজৰ কৰি লব । কিছুদিন আগত ‘হুজুৰ মোক মাফ কৰক” শীৰ্ষক এক বেনাৰ ধুবুৰীৰ অলিয়ে-গলিয়ে দেখা গৈছিল, এয়া বদৰ উদ্দিনৰ ওচৰত মাফ খুজিছে, ইয়াৰ কাৰণ হ’ল ২০১০ চনত ৰজ্যসভা নিৰ্বাচনত বিক্ৰী যোৱা কেচটো । অন্যহাতে মুছলিম স্বায়ত্বশাসনৰ দাবীতো বিভিন্ন সময়ত নিজৰ ডাঙৰ ফটোৰে নিজক জাহিৰ কৰিবলৈ বেনাৰ, ফ্লেক্স, পোষ্টাৰ আদি আৰি থোৱা দেখা যায় । ২০১৩ চনৰ ২৪ এপ্ৰিলত আয়োজন কৰা এক সংবাদ মেলত ‘অসম মুছলিম লিগ’ নামেৰে এক ৰাজনৈতিক দল কৰাৰ কথা কৈছিল যদিও সেয়া চাগে তাতেই শেষ হ’ল বাবে এতিয়া কিবা নতুন প্লেন হাতত লৈছে ! এই প্লেনত কিবা পাৰ্টি-চাৰ্টি পালে ভাল, নাপালে নিৰ্দলীয় হৈয়েই নিৰ্বাচন খেলিব যে সেয়া নিশ্চিত থাকক । বিগত কেইটামান বছৰ ধৰি তেখেতে যি নাটক কৰি আছে সেয়া এই নিৰ্বাচনৰ বাবেই যে কৰি আছে তাত সন্দেহ নাই ।

কিছু তথ্য জানোঁ আহক ৰছুল হকৰ বিষয়ে: দশম শ্ৰেণী উত্তীৰ্ণ ৰছুল হক এসময়ত যুৱ কংগ্ৰেছৰ নেতা আছিল । পাছলৈ ইউ ডি এফত যোগদান কৰি ২০০৬ চনত ধুবুৰী সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় । জানিব পৰা মতে ২০০৮ চনৰ পৰাই নামনি অসমৰ কেইটামান জিলা লৈ মুছলিম স্বায়ত্তশাসনৰ দাবীত সংগঠন এটিও খুলি সম্প্ৰতিও তাৰেই সভাপতি হৈ আছে । ২০১০ চনত ৰাজ্য সভাৰ নিৰ্বাচনত নিজৰ ভোট বিক্ৰী কৰি ইউ ডি এফৰ পৰা খেদা খাব লগীয়া হয় বিধায়ক জন । বিভিন্ন সময়ত এওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ চেকচন ৫০৬, ৪৪৮, ৩৪, ১৭১, ২৯৪, ১৭১ জি আদি কৰি কেইবাটাও গোচৰো আছে ।

অক্ষেপৰ বিষয় যে আমাৰ অসমীয়া টিভি চেনেল সমূহত দেখা পাওঁ মুছলমানক প্ৰতিনিধিত্ব কৰিবৰ বাবে কোনোবা টক শ্ব'ত ব্যক্তি বা ৰাজনীতিকৰ প্ৰয়োজন হলে এই অলগদ্ধটোকে সঘনাই আমন্ত্ৰণ দি থাকে ।কাৰণটো সকলোৱেই জানোঁ, ৰছুলৰ গৰম বক্তব্য আৰু তাৰ বিপৰীতে আহিব টি আৰ পি। টি আৰ পি লাগে বুলিয়েই এটি জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে এনে লোকক জনমানসত পৰিচয় কৰাই দি সমগ্ৰ জনগোষ্ঠীটোকে ঘৃণাৰ চকুৰে চাবলৈ উৎসাহিত কৰা নাইনে ? আমি আশাবাদী চেনেলসমূহে এই ক্ষেত্ৰত গুৰুত্ব দিব । জনগণেও এনে স্বাৰ্থলোভী আৰু উগ্ৰসাম্প্ৰদায়িক ব্যক্তিক প্ৰত্যাখান কৰি শান্তি বজাই ৰাখিব । আমি সকলোৱেই চিনাক্ত কৰণত ভুল কৰিব নালাগে যে – কোনটো অধিকাৰ প্ৰাপ্তিৰ আন্দোলন আৰু কোনটো ব্যক্তি স্বাৰ্থ সিদ্ধিৰ উগ্ৰ সাম্প্ৰদায়িকতাবাদৰ আন্দোলন ।

=== আশ্ৰাফুল হুছেইন- ফোন: ৮৮৭৬৪৮৫৩৩৫ ===
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment