জাকিৰ হুচাইন : পৃথিৱীৰ যিকোনো ঠাইতে সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হলেই এক অস্বস্তিকৰ, হীনমান্যসুচক মনোভাৱে আমাক আচ্ছন্ন কৰি পেলাই। গনেশগুৰিৰ লগতে গুৱাহাটীৰ তিনি স্থানত বোমা বিস্ফোৰণৰ সময়তে হওক বা পেৰিচতে হওক এনে সংঘটনত মানসিকভাৱে ভূক্তভোগী আমিও হওঁ।
আমি ইচলামৰ সৈতে সন্ত্ৰাসবাদৰ যে কোনো মিল বা সামঞ্জস্য নাই তাক ভিন্ন প্ৰকাৰে, বিভিন্ন উক্তি-কত্যুক্তিৰে বুজাবলগীয়া হয়। সুদূৰ সন্ত্ৰাস জৰ্জৰিত চিৰিয়া, বেইৰুট, পেৰিচৰ সেই কলীয়া ডাৱৰে যেন আমাকো চানি ধৰে। আৰে ভাই, আমি প্ৰথমে মানুহ তাৰপাছত ভাৰতীয় অসমীয়া, বঙালী, উৰিয়া আদি আৰু তাৰ পাছতহে মুছলমান। কাৰণ আমাৰ পুৰ্বপুৰুষে কেৱল ধৰ্মান্তৰ কৰিছিল আৰু তেতিয়া কোনো সন্ত্ৰাসবাদী নাছিল। আমাৰো শৰীৰত একে পুৰ্বজৰে ৰক্ত সঞ্চালিত হৈ আছে। সেয়ে ISIS, ISI আদিৰে আমাক কলুসিত নকৰিব। কোনোবাই যদি 'অশ্বত্থামা হত'হে শুনে আৰু 'ইতি গজ' নুশুনাকৈ এইদৰে ধৰ্মৰ নামত অধৰ্ম কৰি ফুৰে তাৰ কাৰণে আমি কেনেকৈ দায়ী হম বাৰু! আমাৰ অসমত আজান ফকিৰে ইচলাম প্ৰচাৰ কৰিছিল আৰু যাৰ মূলমন্ত্ৰ আছিল 'হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান... মোৰ মনত হীন পৰ নাই অ আল্লা...'। আমি সেইজনা মহানুভৱৰ ইচলাম হে চিনি পাওঁ।
গণহত্যা (Homicide) আৰু আত্মহত্যা (Suicide) ইচলাম ধৰ্মত আটাইতকৈ ডাঙৰ গুনাহ (কবিৰা গুনাহ) বা পাপ অৰ্থাৎ যাৰ ক্ষমা নাই। সন্ত্ৰাসবাদী সকলে এই দুই গুনাহেই কৰে, সেয়ে তেওঁলোক মুছলমান হ'ব নোৱাৰে। 'জিহাদ', 'ধৰ্মযুদ্ধ', 'ক্ৰুছেদ' নিজৰ ঋপুবোৰ দমন কৰাৰ বাবে খোদ নিজে নিজৰ লগত কৰিব লাগে। কাম, ক্ৰোধ, হিংসা, লোভ, মোহ আদি ঋপুক সংযত কৰি ৰখাটোহে মূল কথা। 'জিহাদ' কেৱল ইচলামতে যে বিদ্যমান তেনে নহয়। ধৰ্মযুদ্ধ বা ক্ৰুছেদ , তাৰেই পৰিভাষা অৰ্থাৎ ধৰ্ম, সত্য প্ৰতিস্থা কৰা।
প্ৰকৃত ধাৰ্মীক লোক এজন কাহানিও পাপী বা গুনেহগাৰ হ'ব নোৱাৰে, অৰ্থাৎ যিবোৰ পাপকাৰ্য সেইবোৰ এৰাই চলিব পৰাজনেই প্ৰকৃতপক্ষে ধাৰ্মীক। মিছা, হিংসা-বিদ্বেষ, হত্যা-লুন্ঠন, ভ্ৰষ্টাচাৰ, অনাচাৰ, ব্যভিচাৰ, চোৰ-দকাইতি, আত্মহত্যা আদিৰ দৰে পাপ কাৰ্যৰ পৰা যিয়ে নিজকে বিৰত ৰাখে তেৱে প্ৰকৃতপক্ষে ধাৰ্মীক লোক। ধৰ্মই মানুহক মানৱতাবাদী হোৱাত অনুপ্ৰেৰণা যোগায়।
0 comments:
Post a Comment