ব্যঙ্গ ৰচনা : ভাৱৰীয়াক তুপী

জাকিৰ হুচাইন :
'আৰে ভাইয়া, কাহেকা ৰাজকুমাৰ! জব লেডী ডন কি গদ্দি হি নেহি ৰহি ফিৰ!'
'নেহি ৰে বাবুমশাই, উসকা নাম হী ৰাজকুমাৰ হে।'
'আচ্ছা ৱহিচ্! মেভি চোচ ৰিয়া থা!'

মৰমতে মানুহে ৰাজকুমাৰ চাৰক 'পাপ্পু' বুলিও মাতে। বিশেষকৈ ফেকুচাহাবৰ ভক্তসকলে। আমাৰ আসামৰ বিজ্ঞ, বুদ্ধিজীৱিসকলে অৱশ্যে নতুন এক তথ্য উদঘাটন কৰিলে। ৰাজকুমাৰ হেনো পৰিপক্ক মানে বহুত মেচিঊৰ্ড হৈছে। অসমত অন্ততঃ পাপ্পু পাচ হো গয়া। কিন্তু আমাৰ যুৱৰাজটো জন্মতে মেচিউৰ্ড! ৰিমেমবাৰ মতা মাছ, মাইকী মাছ! ৰাজকুমাৰ দিল্লীৰ পৰা অহাৰ খবৰ পায়ে মহাৰাজে গাবলৈ ধৰিলে- ‘গাত নাই এতিয়া ততে মোৰ চেনাই অ, ততে নাই এতিয়া গাত।’ মিছা কলে কিডাল হ'ব? মানুহজনে also তামাম জোচ পাইছে। সমগ্ৰ চৰকাৰী শাসন যন্ত্ৰটোকে লগাই দিলে সকলো ধৰণৰ ইন্টেজাম কৰিবলৈ। বৰপেটাত পদযাত্ৰা কৰিবলৈ মহাআড়ম্বৰ, মহা যোজা চলালে। দিল্লীৰ পৰা উৰা মাৰি আহি গুৱাহাটী পোৱাৰ পাছতে বৰপেটালৈ উৰা মাৰি কেই কিলোমিটাৰমান পদব্ৰজে যাত্ৰা কৰিব। কেনেধৰণৰ তুপী এইটো? ঠাণ্ডাৰ শীতৰ শেমেকা ৰাতিৰ বাবে ওলোটাকৈ পিন্ধা বান্দৰতুপী। আমি ভাবিছিলো চাৰ চাগে পদব্ৰজে লগ পাবলৈ যাব সৰ্থেবাৰীৰ সেই কংগ্ৰেছ কৰ্মীজনৰ ঘৰলৈ। সেইযে কৰ্মীজনে আৰ্থিক দৈন্যতাৰ বাবে সপৰিয়ালে আত্মহননৰ পথ বাচি লৈছিল।


ৰাজীৱ ভৱনত উথপথপ পৰিবেশ। ৰাজকুমাৰ আহিব যেতিয়া কথাই নাই, ইমপ্ৰেচ কৰিবই লাগিব, গদ্দী বচাবই লাগিব। ৰাজকুমাৰ আহিল আৰু পোনে পোনে গুচি গ’ল মীয়া ইলাকাত ঘুচপেথ কৰিবলৈ। বহুতে চোন কোৱা কুই কৰিছিল মহাৰাজ আৰু মৌলানা চাহাবৰ মাজত বোলে ইলু ইলু চলিছে। ‘ইলু ইলু ক্যা হে য়ে ইলু ইলু?’ শৰ্মাচাৰৰ মতে দুয়োজন এতিয়া হেনো ‘জিগ্ৰি দোস্ত’। অপেনলি দোস্তি কৰা নাই যদিও তেওঁলোকৰ মাজত ‘চিক্ৰেট দিল’ বোলে হৈ গৈছে। এই ‘চিক্ৰেট দিল’ লেডী ডনৰ দিল্লী স্থিত হাৱেলীতে হেনো হৈছে। ইফালে ৰকীচাৰৰ মতে মৌলানা চাহাবে ফেকু চাৰহঁতৰ পৰা বহুত কোটি টকা লৈ মিতিৰালি কৰিছে। বলটো ইফালৰ পৰা সিফালে দলিওয়া দলি কৰিবলৈ ধৰিছে- Catch it if you can, the ball is in your court, BTW who is ball?

যি হওক, ৰাজকুমাৰ আহিয়ে গুচি গ’ল বাৰপেটালৈ। তাত ৰাজকুমাৰে খোজ কাঢ়ি কাঢ়ি গালে-

‘আনে ৱালে জানে ৱালে
জৰা হুচিয়াৰ খবৰদাৰ
ইহাকে হাম হে ৰাজকুমাৰ
আগে পিছে হামাৰি চৰকাৰ ইহাকে
হাম হে ৰাজকুমাৰ, হোয়ে হোয়ে...’

আগে পিছে ‘হামাৰি চৰকাৰ’? কাৰ চৰকাৰ? জনতাৰ হয়নে? পদযাত্ৰা কৰা পথচোৱাত হেনো গাড়ী মটৰ চলাৰ উপায়ো নাই! হয় নেকি? মহাৰাজ, ৰথী-মহাৰথী ষ্টেজত উঠি দেখে লেদিচবোৰে তেওঁলোককটো পাত্তা দিয়া নাই নাইয়ে ৰাজকুমাৰকো পাত্তা নিদিয়াকৈ, কথা-বতৰা নুশুনাকৈ গুচি যাবলৈ উদ্যত হৈছে। এনে অবজ্ঞা, অবমাননা! সহ্য নহয়। অলপ টেমা গৰম হৈ গ’ল। আৰে ভাই এই শীতৰ শেমেকা ৰাতিবোৰত বস্ত্ৰবিহীন খেতিয়কক কম্বল আৰু খাদ্যবিহীন দিন মজুৰ মহিলাক সুতা দিম বুলি ৱাদা কৰিছে। সেয়ে তেওঁলোকক উদ্দেশ্যি কলে- 

‘জানেৱালো ৰুক যায়ো, অগৰ কুছ চাহিয়ে তো ৰুক যায়ো। দেখা নেহি ৰাজকুমাৰ চাৰ আয়া হে? অগৰ কুচ চাহিয়ে তো ৰুক যায়ো। নেহি চাহিয়ে তো যা চকতে হো।’ 
ইহঁতক এনে ধৰণৰ লোভ দিলেহে কথা শুনে। ভিক্ষাৰী চব! এনেই তাহাঁতক কোনেনো পাত্তা দিয়ে? পাঁচ বছৰৰ মুৰে মুৰেহে কিবা এটা দিম বুলি কোৱা যায়। আনকালে তাহাঁতৰ কথা ভবাৰ সময়ো নাথাকে। ইফালে মতা মানুহবোৰক মাল দি পেল খুৱাই থৈ দিয়াৰ প্ৰগ্ৰাম আছিল। কিন্তু প্ৰগ্ৰেমটো দিনত হ'ল যে! অপেনলি মাল-পানী দিব নোৱাৰি বাবেই এইবাৰ গুটখা, বিৰি, চাধা, চিগাৰেট দি মানুহবোৰক সভাস্থলীত উপস্থিত থাকিবলৈ কোৱা হৈছে। তাকে মক্কেলবোৰে পাবলৈ হেতা-ওপৰা লগালে। হেৰৌ অমৃত খাবি ৰ, কেনচাৰ নহয় ৰ! স্বাস্থ্যৰ কিডাল ক্ষতি হবহে?

ইফালে শৰ্মা চাৰ, মৌলানা চাহাবহঁতৰ টেমা গৰম। বেছি মাইলেজ পাই গ’ল নেকি ইহঁতে? ৰাজকুমাৰে হেনো সত্ৰত নোসোমাল, মুৰ নোদোৱালে। অসমীয়া জাতি বোলা টোক হেনো অপমান কৰিলে। কেনে অপৰাধ ভাবকচোন! যিসময়ত সমগ্ৰ দেশতে মন্দিৰ-মছজিদৰ ৰাজনীতি পুৰাদমে চলিছে সেইসময়ত এনে অসাধ্য সাধন! ইফালে মহাৰাজ, ৰাজকুমাৰহঁতৰো তামাম গিলটি ফিলিং হ'ল। ঈশ্বৰ নাৰাজ হয় বুলি নহয়, মাইলেজ কমিব বুলিহে। সেয়ে কোনোবাই কলে বোলে গা ধোৱা নাছিল, আন কোনোবাই আক কলে বোলে ধুতি পিন্ধা নাছিল! এক্সকিউজ মি প্লিজ! ৰাজকুমাৰে দিল্লী পায়ে কলে তেওঁক সত্ৰত সোমোৱাত বাধা প্ৰদান কৰা হৈছিল। সত্ৰত আই মাতৃৰ বেশত আছিল আৰএচএচ এজেন্ট। কাকনো বুলিম ককা? দাইৰেক্ট ধপ মাৰিছে দেই। হেৰৌ চৰকাৰৰ চৰম অবজ্ঞাৰ বাবে সেই অঞ্চলবোৰত যে কোনো উন্নয়ন হোৱা নাই সেইবোৰ চকুত নপৰে? অন্তত সপৰিয়ালে আত্মহত্যা কৰা পৰিয়ালকেইটাৰ খবৰ ৰাজকুমাৰে কিয় নললে সেই প্ৰশ্ন এবাৰো মনলৈ আহিলনে? নাই সেইবোৰলৈ কিয় মুৰ ঘমাব? পাৰিলে অলপ মানসিকতা সলনি কৰক। এনেবোৰ কথাটো চেপা উত্তেজনাই বিৰাজ কৰক, উদ্বিগ্ন হওক, তীব্ৰ ভাষাৰে গৰিহণা বা সকিয়াই দিয়ক, বিতৰ্কৰ সৃষ্টি কৰক। যিবোৰ আলটু ফালটু ইছ্যুকলৈ ভাওৰীয়াসকলে কৰে।

ইফালে ৰাজকুমাৰ আৰু মহাৰাজে মীয়া ইলাকাত গৈ মীয়া গামোচা পিন্ধিলে। শৰ্মাচাৰৰ মতে ৰাজকুমাৰে অসমীয়া গামোচাখন খুলি মীয়া গামোচা পিন্ধি মীয়া প্ৰীতি দেখুৱাইছে। গামোচাৰ আচলত পদুমৰ চপা ৰাজকুমাৰে কিয় নলবহে? অসমীয়া জাতিৰ পৰিচয়! ৰাভাসকলৰ যৰেন বা ‘খোপং’, ‘ফালি’, ‘ৰিকং’, ‘পহ’, ‘ছই’, কাৰ্বি সকলৰ ‘গলৰ উলন’ বা দমাৰ, ডিমাচা সকলৰ ‘ৰিচা’, তিৱা সকলৰ ‘টাগল’, ‘ফাগা’, বড়োসকলৰ ‘আৰনাই’, কোচঁ ৰাজবংশী সকলৰ ‘আংচা’ আদি গলত ললেও ভুল হব নেকি? পশ্চিম অসমত এই পখৰা গামোচাখনক ‘তিনিহেতে’ বা ‘মোকচা’ বুলি কোৱাও শুনিছো। ইফালে বহুতে কৈছে সেইখন ‘গাৰো গামোচা’ বুলি! এইবাৰ তাৰ ওপৰত ৰিচাৰ্চ কৰিলে হ’ল, চিবিআইৰ তদন্ত দিলে হ’ল। শৰ্মাচাৰে ‘ডিজিটেল ইন্দিয়া’ৰ ধাৰণাৰে আইফোনত ফটো দেখুৱাৰ পাছত ৰকীচাৰেও দেখুৱালে বোলে শৰ্মাচাৰে এসময়ত তথাকথিত ‘মীয়া গামচা’ লোৱাই নহয় তুপীও পিন্ধিছিল। আৰে ভাই মীয়াৰ চিনাকী হ’ল তুপী আৰু লুঙ্গী। কিয় মীয়াৰ সংজ্ঞা সলনি কৰাৰ ষড়যন্ত্ৰ কৰিছে? তেওঁ পিন্ধিলে একো নাই, ধোৱা তুলসীৰ পাত? মহাৰাজে পিন্ধিলেহে জগৰ লাগে? ৰাষ্ট্ৰীয়তাবাদী জাতীয়তাবাদৰ ধ্বজাবাহকৰ এয়া কেনে কাণ্ড কাৰখানা? জোখতকৈ বেছি সকলো ক্ষেত্ৰতে বেয়া? মীয়া বা মুছলিম বিদ্বেষী এনে দুষ্প্ৰচাৰে কাৰ কি হিতসাধন কৰিবহে? নিজকে হিন্দুত্ববাদৰ মহানায়ক সজাই অসম গঢ়িব! নিজৰ জ্ঞানশুন্যতাৰ পৰিচয় দিয়ে কিয়? মিছামিছি হাঁহিয়াতৰ পাত্ৰ হয় কিয়?

কিন্তু পতে কি বাত ক্যা হে মালুম? কোনেও মুল ইছ্যুবোৰক পাত্তা দিয়া নাই। আলটু ফালটু ইছ্যুকলৈ মুৰ ঘমোৱাই কাম। চৰকাৰৰ বিফলতা খিনি তুলি ধৰিব পৰা নাই। ৰাইজ কম মক্কেল নেকি? জাতি-ধৰ্মৰ কথা কলেহে ৰাজনীতিকৰ কথা শুনে। নহলে ব’ৰ ব’ৰ বুলি বোলে চিঞৰে। আৰে ভাই বোপা ককাৰ সচ কেনেকৈ এৰিব? ৰাইজে বিছাৰে কু-শাসন, লেৰেলি যোৱা জৰাজীৰ্ণ বাট-পথ, আকাশলঙ্ঘি মুল্যবৃদ্ধি। উন্নয়ন, উত্তৰণৰ কথাই নাই, ৰাইজে আধুনিকতা নিবিছাৰে নহয়। অশিক্ষিত হৈয়ে থাকিব বিছাৰে, শিক্ষিত সোপাই কিনো ফালিছে? উন্নত চিকিৎসা ব্যৱস্থাৰো দৰকাৰ নাই, নহলে বেজালি নচলিব। দাইনীবোৰকো যে হত্যা কৰিব পৰা নাযাব। কামচোৰ, কানিয়াসকলে নিবনুৱা হৈ বহি বহি খাই বৈ থাকিব বিছাৰে। আৰু এটা কথা নহয় এই আন্দোলন চান্দোলন নহলে গুৱাহাটী, দিচপুৰ দেখাই পোৱা নাযাব চোন। সকলো সমস্যা সমাধান হলে অসম বন্ধ কেনেকৈ দিব? অসম বন্ধ নহলে বহুত কাম কৰিব লাগিব! ৰাইজ আজি ভাৱৰীয়া, আসামেই নাটঘৰ! সময় যে তাকৰ নহয় আৰু দেই, সময়ে সময়, সময়ে সময়!
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment