নিজৰ দেশক ভাল পাবলৈ RSS ৰ প্ৰশিক্ষণ নালাগে, দেশপ্ৰেম অসমীয়াৰ তেজৰ শিৰাই শিৰাই প্ৰবাহিত

নিজৰ দেশক ভাল পাবলৈ বা মাতৃভূমিৰ বাবে প্ৰাণ বিসৰ্জন দিবলৈ RSS ৰ সদস্য হব নালাগে । স্বাধীনতা সংগ্ৰামৰ শ্বহীদ সকল বীৰ ভগত সিং, কনকলতা, পিয়লি, মনবৰ, তিলেশ্বৰী RSS ৰ সদস্য নাছিল , ৬২ ৰ চীনা যুদ্ধত প্ৰাণ হেৰুওৱা বীৰ সৈনিক সকলো নাছিল RSS ৰ সদস্য , যিদৰে কাৰগিল যুদ্ধত ভাৰতৰ সীমান্তত বুকুত গুলী পাতিলৈ মৃত্যু বৰণ কৰা চিপাহী সকলো নাছিল RSS ৰ সদস্য । 


হিন্দু হিচাবে জন্ম লৈ ৰামৰ বিষয়ে জানিবলৈ RSS হব নালাগে, মাকৰ কোলাতে শিকি আহে ৰামায়ণ , মহাভাৰতৰ সাধু । কিন্তু ভাৰতৰ জনতাক অহিংসাৰ মন্ত্ৰৰেদীক্ষিত কৰি আপোচ বিহীন সংগ্ৰামেৰে স্বাধীনতা আনি দিয়া আঠুলৈকে চুৰিয়া পিন্ধা জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰী জন কিন্তু RSS আছিল । 

ভাৰতৰ স্বাধীনতা সংগ্ৰামত মৃত্যু বৰণ কৰা বীৰ দেশ প্ৰেমিক সকলৰ তালিকাত এজনো নাই এই সংগঠনৰ সদস্য । যিদৰে নাই অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ মাজত এওঁলোকৰ এজনৰো । এই দেশপ্ৰেম অসমীয়াৰ তেজৰ শিৰাই শিৰাই প্ৰবাহিত । ১৮ বাৰকৈ মোগলক পৰাস্ত কৰা খাৰ খোৱা অসমীয়াৰ দেহত সেই পৰাক্ৰম আজিও আছে । 
অসমক বিদেশী মুক্ত কৰিবলৈ আকৌ এবাৰ প্ৰয়োজনত নিজৰ প্ৰাণ উচৰ্গা কৰিবলৈ অসমীয়াক RSS ৰ প্ৰশিক্ষণ নালাগে । মাকৰ বুকুৰ গাখীৰতে সেই অঙ্গীকাৰ লৈ আহিছে প্ৰতিজন অসমীয়াই । অসমক ৰক্ষা কৰিবলৈ কি কৰিব লাগে অসমীয়াই জানে । ইয়াত ভগৱত , টোগাৰিয়াৰ কাম নাই , ইয়াত কাম আছে শঙ্কৰ আৰু আজানৰ, ইয়াত কাম আছে লাচিত আৰু বাঘ হাজৰিকাৰ, ইয়াত কাম আছে লক্ষ্মীনাথ আৰু সুৰুজ মুখীৰ স্বপ্নৰ চৈয়দ আব্দুল মালিকৰ । 
অসমীয়া সাৱধান হবৰ হ'ল ।

===== Dhiren Nath =====
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment