জেহাদ: অসমৰ মুছলমান সকলৰ লগত এই বৈষম্য কিয়?

"অসমৰ মুছলমান সকলৰ লগত এই বৈষম্য কিয়" শীৰ্ষক বাৰ্তাটোৰ একমাত্ৰ উদ্দেশ্য আছিল শংকৰ-আজানৰ দেশ বুলি ডাইলগ দিয়া হিন্দু আৰু মুছলমানৰ মাজত থকা তথাকথিত চেকুলাৰ মুখা পিন্ধা সকলৰ মুখা খুলিবলৈ চেষ্টা কৰা । যিমানদূৰ সম্ভব মই সফলো হৈছো ।


প্ৰথম কথা মই আগতেই কৈছো এই বিষয়টো কেৱল অসমৰ প্ৰেক্ষাপটত হে আলোচনা কৰিবলৈ আহ্বান জনাইছিলো কিন্তু এনে কিছুমান মানুহ আছে যি আন ধৰ্মক হেয় প্ৰতিপন্ন কৰিবলৈ পোনচাতেই আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনৰ নাম বোৰ টানি আনে । অসমত থাকি সন্ত্ৰাসবাদ বিয়পোৱা সকল, তেওঁলোক হিন্দুৱেই হওক বা মুছলমানেই হওক সকলো সন্ত্ৰাসবাদীয়েই । অসমৰ এনে সন্ত্ৰসবাদী বোৰ মুছলমান হলে আৰবী ভাষাৰ শব্দৰে নামাকৰণ আৰু হিন্দু হলে অসমীয়া ভাষাৰ শব্দৰে নামাকৰণ কৰাটোহে সমৰ্থনযোগ্য নহয় । মই ব্যক্তিগত ভাবে ভাৱো এওঁলোকক পৃথক নকৰি একক শব্দ সন্ত্ৰাবাদী বুলি কোৱাটোৱেই শ্ৰেয় । কাৰণ সন্ত্ৰাসবাদীক এনেধৰণে পৃথক কৰা মানেই সাম্প্ৰদায়িক বীজ ৰূপণ কৰা ।

দ্বিতীয় কথা কোনো এক বিতৰ্কিত বিষয়ত যেতিয়া কোনোৱে মন্তব্য দিওতে বা কাৰোবাৰ উচতনি মূলক মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ যাওঁতে নিজৰ অসমীয়া পৰিচয় বাদ দি হিন্দু বা মুছলমান পৰিচয়েৰে আন ধৰ্মাৱলম্বী লোকক হেয় প্ৰতিপন্ন কৰি উত্তৰ দিয়ে নিশ্চয় তেওঁলোক প্ৰকৃত অসমীয়াৰ লগতে চেকুলাৰো নহয় । তেওঁলোক মাত্ৰ একো একোটা মুখা পিন্ধা শংকৰ-আজানৰ দেশ বুলি ডাইলগ দিয়া চেকুলাৰ অসমীয়া । মই ভাৱো প্ৰকৃত অসমীয়াই কাহানিও সাম্প্ৰদায়িক শক্তিক সমৰ্থন আৰু আনক হেয় জ্ঞান অতীততো কৰা নাছিল, বৰ্তমানেও কৰা নাই আৰু ভবিস্যতলৈও নকৰে । বন্ধু সকল এই বাৰ্তাত দিয়া মন্তব্য বোৰৰ পৰাই ভালকৈ চিন ৰাখক কোন খিনি তথাকথিত চেকুলাৰে অসমীয়া সমাজত মিল হৈ সাম্প্ৰদায়িক বীজ ৰুপণ কৰাৰ লগতে সম্প্ৰসাৰণো কৰিছে । আচলতে বৰ্তমান অসমত এচাম মানুহে কোনো এজন মানুহৰ নাম, উপাধি আৰু বেশ-ভূশা চাইহে সেই মানুহজনৰ চিন্তাধাৰা, পৰিচয়, বংশ, চৰিত্ৰ নিৰ্ণয় কৰে । এই কথাতহে বৰ দুখ অনুভৱ কৰো । ধন্যবাদ


জেহাদ অৰু জেহাদিৰ সঠিক অৰ্থ অসমৰ প্ৰেক্ষাপটত বিশ্লেষণ কৰিবলৈ কলে এচামে তৎক্ষণাত ভাবি লয় ISISক আলফাৰ লগত তুলনা কৰিবলৈ কৈছো বুলি ভাবে । আছলতে সেইচাম মানুহে যুঁজ বা যুদ্ধ , বিদ্ৰোহ, বিপ্লৱ, সংগ্ৰাম, সন্ত্ৰাসবাদ আৰু জেহাদ আদি শব্দ বোৰৰ প্ৰকৃত ভাবাৰ্থ নাজানেই । প্ৰত্যেকটো শব্দই যে ইটোৰ লগত সিটোৰ মিল নাই সেইটো জানি লৈহে মন্তব্য প্ৰকাশ কৰিলে ভাল হয় ।

মোৰ আপত্তি অসমত কৰায়ত্ত কৰা সন্ত্ৰাসবাদীক অসমীয়া শব্দৰ পৰিবৰ্তে আৰবী শব্দ জেহাদি ব্যৱহাৰ কৰাটো । জেহাদিৰ অসমীয়া অৰ্থ যদি একমাত্ৰ ধৰ্ম যুদ্ধাকাৰী বুলি ভাবে তেন্তে অসমৰ মুছলমান সন্ত্ৰাসবাদীৰ ক্ষেত্ৰত এই শব্দ ব্যৱহাৰ কৰিলেই হল ,। সংবাদ মাধ্যমত যেতিয়া কিছুমান এনে বাতৰি প্ৰকাশ পায় যেনে "অমুক মহাবিদ্যালয়ৰ প্ৰবক্তাৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীয়ে জেহাদ ঘোষণা কৰিছে" এনেধৰণৰ বহু বাতৰি পৰিবেশন হয় যত জেহাদ শব্দ ব্যৱহাৰ হৈ থাকে তেতিয়া আমাৰ বাবে জেহাদৰ অৰ্থ একমাত্ৰ ধৰ্ম যুদ্ধ নহয় , জেহাদৰ বিভিন্ন অৰ্থ আছে বুলি ভাবি লও কিন্তু সেই একে সংবাদ প্ৰতিষ্ঠানে যেতিয়া এজন মুছলমান মানুহৰ হৈতে জেহাদ শব্দ ব্যৱহাৰ কৰে তেতিয়া আমাৰ বাবে জেহাদৰ অৰ্থ একমাত্র ধৰ্ম যুদ্ধ হৈ পৰে । এইটোহে দুখৰ বিষয়

SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment