কংগ্ৰেছ, ভাজপা, AIUDF এই দল বিলাকে আমাৰ সমস্যা বিলাক সোণৰ কণী দিয়া হাহ বনাই দিলে

মুখ্যমন্ত্ৰী তৰুণ গগৈ'এ IB 'ৰ পৰা নিশ্চয় বহুত খবৰ পাই থাকে কিন্তু কথাবোৰ কওতে সাৱধান হব লাগে। বৰপেটা জিলাত ইছলাম ধৰ্মৰ মানুহ ৭০.৭৪%, আৰু তেনেকুৱা এখন জিলাত RSS 'এ কিবা কৰি আছে বুলি কোৱাটো সম্পূৰ্ণ ভুল।



এই জিলাখনৰ ৮ খন চহৰৰ ভিতৰত কেৱল দুখন চহৰত হিন্দু আৰু ইছলাম ধৰ্মৰ মানুহ সমান আৰু একেলগে বসবাস কৰে, সেই দুখন হাউলি আৰু খৈৰাবাৰী, বাকী ৬ খন চহৰত হিন্দু মানুহৰ সংখ্যা বেচি। এই ৮ খন চহৰত বসবাস কৰা হিন্দু মানুহৰ শতাংশ এনেকুৱা -
Barpeta (90.64%) , Barpeta Road (89.83%) , Howli (50.85%) , Pathsala (94.50%) , Khaira Bari (53.66%) , Bohari (83.80%) , Sarbhog (91.83%) , Sarthebari (97.87%) , Uttar Athiabari(72.63%)

AIUDF 'ৰ নেতা সকলে নিজে কই যে শিক্ষাৰ অভাৱৰ কাৰণে ইছলাম ধৰ্মৰ মানুহৰ জনসংখ্যা বৃদ্ধি হৈছে। AIUDF 'ৰ নেতা সকলে কিমান কি কৰিলে শিক্ষাৰ উন্নতিৰ কাৰণে? কিছুমান ভয়ংকৰ কথা মাজে মাজে পঢ়িবলৈ পাও যে ব্যক্তিগত খণ্ডৰ মাদ্ৰাছা স্কুল বোৰ উগ্ৰপন্থীৰ ঘাটি। সচা মিছা কি গম পাই একো লাভ নাই কিন্তু ব্যক্তিগত খণ্ডৰ মাদ্ৰাছা স্কুল বোৰত এনেকুৱা নহই তাৰ বাবে কিবা পদক্ষেপ ললেনে? যিহেতু অসমৰ ইছলাম ধৰ্মৰ মানুহৰ কথা sensitive বহুত কাৰণত , সেইকাৰণে সকলোৰে সুৰক্ষা, শান্তিৰ কথা চিন্তা কৰি অলপ কষ্ট কৰি হলেও সকলো ব্যক্তিগত খণ্ডৰ মাদ্ৰাছা স্কুল বোৰ অসম চৰকাৰৰ কৰি তাত অসমৰ চৰকাৰী স্কুলবোৰত থকা শিক্ষাৰ দিয়া ব্যৱস্থা কৰিব লাগে। এনেই দশক দশক সমস্যাবোৰৰ কথা কই থাকিলে কি হব, যদি সমস্যাৰ সমাধান নকৰি ৰাইজক উপকাৰ নকৰি সমস্যা বিলাক আগুৱাই আৰু কিমান দশক লৈ গৈ থাকিব? সকলো দল একে। ৰাইজক Hijack কৰি লৈছে নে Black Mail কৰি আছে সন্দেহ কিই নহব?


ভাজপা'ই Mission 84 কওতে বুজি পাইছিলো যে ২০০১ census মতে অসমত ৪২ টা সমষ্টিত ইছলাম ধৰ্মৰ লোকৰ সংখ্যা বেচি সেই কাৰণে চিধাই কলে ১২৬ - ৪২ = ৮৪ তেখেতৰ সকলৰ লক্ষ্য। আৰু চিধাই লোকসভা নিৰ্বাচনৰ পাচত বাহিৰৰ ৰাজ্যত যি ধৰণৰ কাম কৰে অসমতো আৰম্ভ কৰিলে। এতিয়া আপুনি নিজেই চিন্তা কৰক, এই ভাজপা'ৰ নেতা সকলে আচলতে কিমান আন্তৰিকতাৰে আমাৰ সমস্যা বোৰৰ কথা চিন্তা কৰে। যিধৰণৰ কথা কই নিজে ধৰা পৰে দচ নম্বৰী বুলি। ধাম ধুম copy paste চিঞৰি থাকে AIUDF বাংলাদেশীৰ ৰক্ষক, কিন্তু পাহৰি যাই যে নিজেও বাংলাদেশীৰ ৰক্ষক। বাংলাদেশীৰ ৰক্ষক AIUDF 'ক দিছপুৰৰ দহ কিলোমিটাৰ ভিতৰ আহিব নিদিয়ে কাৰণ তাত তেখেত সকল থাকে সেইকাৰণে কৈছে দিছপুৰৰ পৰা দহ কিলোমিটাৰ দূৰৰ পৰা অসমৰ ভিতৰত চৰি থাকক যাতে সদায় নিৰ্বাচনৰ issue হৈ থাকে।দম নাই কবলৈ যে বিদেশী খেদিব পাৰিব।


যোৱা ৰাতি লাজ লাগিল প্ৰতিদিন TV'ত যেতিয়া দেখিলো যোৰহাটৰ লৰা দুজন উৎপল আৰু ময়ুৰ'এ ভাজপা আৰু কংগ্ৰেছক অনুৰোধ কৰিছে অসমৰ জাতীয়তাবাদৰ আৱেগক দল দুটাই যাতে সন্মান কৰে, দলত ভাল স্থান দিয়ে । এইবোৰ অনুৰোধ কৰিব লগীয়া দিন TV'ত দেখিব পাইছো, সচাকৈ লাজ লগা কথা।

It justified that National political parties have started to attack our way of life.

===== Akash Jyoti Gogoi ====
SHARE

Admin

সুপ্ত প্ৰতিভা বিকাশ কৰাটোৱে আমাৰ মূল লক্ষ্য৷স্বপ্নদ্ৰষ্টাৰ সন্ধানত আমাৰ অবিৰাম যাত্ৰা৷মৰিচিকা নহয় আমি বিচাৰো সুখৰ বন্যা৷

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment